ETV Bharat / state

বাৰিষাৰ বানৰ স’তে মোকাবিলা কৰিবলৈ সাজু কাজিৰঙা কৰ্তৃপক্ষ - Flood in Kaziranga

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 1:27 PM IST

Kaziranga National Park : আগন্তুক বাৰিষাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে কেনেদৰে পৰিস্থিতিৰে মোকাবিলা কৰিব, তাৰ প্ৰস্তুতি সন্দৰ্ভত এক সভাৰ আয়োজন কৰে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ সভাত চৰকাৰী-বেচৰকাৰী বিভিন্ন সংস্থা তথা দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে ৷

Kaziranga National Park
বানৰ সৈতে মোকাবিলা সন্দৰ্ভত সভা (ETV Bharat Assam)
বানৰ সৈতে কেনেদৰে মোকাবিলা কৰিব সেই বিষয়ে জনাইছে বন সংমণ্ডল প্ৰাধিকাৰী অৰুণ বিঘ্নেশে (ETV Bharat Assam)

কাজিৰঙা, ২২ মে' : বাৰিষা সমাগত । আনহাতে, বাৰিষাৰ আগমনৰ লগে লগে ৰাজ্যত সৃষ্টি হয় বান পৰিস্থিতি । এই বানৰ কবলৰ পৰা সাৰি নাযায় বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । প্ৰতিবছৰে বানত বুৰ যায় কাজিৰঙাৰ বৃহৎ অঞ্চল । যাৰ বাবে এই ৰাষ্ট্ৰীয় উদ্যানখনৰ বাসিন্দা জীৱকুল বিপদত পৰে । সেয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ান কৰ্তৃপক্ষই বাৰিষাৰ পূৰ্বে বানৰ সৈতে সহাৱস্থানৰ প্ৰস্তুতি চলায় ।

এইবাৰো আগন্তুক বাৰিষাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সম্ভাৱ্য বানৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ এই সন্দৰ্ভত মঙলবাৰে কাজিৰঙাৰ কঁহৰাত বন বিভাগৰ শতবৰ্ষ উদযাপন কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এক প্ৰস্তুতি সভা অনুষ্ঠিত হয় ৷

ইয়াত অংশগ্ৰহণ কৰি বন সংমণ্ডল প্ৰাধিকাৰী অৰুণ বিঘ্নেশে জানিবলৈ দিয়া মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত ১৭৮ টা বন শিবিৰৰ বনকৰ্মীসকলে ব্যৱহাৰ কৰা হাত নাওৰ লগতে ৯ খন স্পীড বোট, ৬ খন মেকানাইজড বোট আৰু ২ টা ওপঙা বন শিবিৰ আছে ৷

ইয়াৰে বনকৰ্মীসকলে উদ্যানৰ অন্তৰ্ভাগৰ জলপথসমূহত আৰু বানৰ সময়ত ব্যৱহাৰ কৰা নাওসমূহৰ মেৰামতি পূৰ্ণগতিত চলি থকাৰ কথা প্ৰকাশ কৰে । বিঘ্নেশে লগতে কয় যে, বানৰ সময়ত উদ্যানৰ পৰা ওলাই অহা বন্যপ্ৰাণীক যাতে যান-বাহনৰ লগতে দুষ্কৃতিকাৰীৰ কবলৰ পৰা ৰক্ষা কৰিব পাৰি, তাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা ল’বৰ বাবে ইতিমধ্যে কাজিৰঙা সংলগ্ন গোলাঘাট, নগাঁও আৰু কাৰ্বি আংলং জিলা প্ৰশাসন তথা আৰক্ষীৰ সৈতেও আলোচনা কৰা হৈছে ৷

উল্লেখ্য যে, বানৰ সময়চোৱাত ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীয়ে দক্ষিণৰ ৩৭ নং ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰ আৰু তাৰ নামনি এলেকাত আশ্ৰয় লয় ৷ এনে সময়তে বন্যপ্ৰাণীসমূহ বিভিন্ন সময়ত দুষ্কৃতিকাৰী কবলত পৰে অথবা যান-বাহনৰ খুন্দাত আঘাতপ্ৰাপ্ত হয় ৷ শনিবাৰৰ সভাত কাজিৰঙাৰ স্থানীয় বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিও উপস্থিত থাকে ৷

লগতে পঢ়ক :কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ ধেমালিৰ মনোৰম দৃশ্য বন্দী পৰ্যটকৰ লেন্সত - Kaziranga National Park

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.