স্পৰ্টছ ডেস্ক, 18 এপ্ৰিল : চণ্ডীগড়ৰ মহাৰাজা যাদৱীন্দ্ৰ সিং আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়ামত বৃহস্পতিবাৰে আই পি এলৰ 33 সংখ্যক মেচখনত মুখামুখি হৈছে মুম্বাই ইণ্ডিয়ানছ আৰু পাঞ্জাৱ কিংছ ৷ ইতিমধ্যে প্ৰথমে বেটিং কৰি মুসূৰ্য কুমাৰ যাদৱৰ বিস্ফোৰক বেটিঙৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত 192 ৰাণ সংগ্ৰহ কৰে ৷ দলে পঞ্জাৱ কিংছক 193 ৰাণৰ লক্ষ্য বান্ধি দিছে ৷
টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লয় পাঞ্জাৱ কিংছে ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি মুম্বাই ইণ্ডিয়ানছে সূৰ্য কুমাৰ যাদৱৰ বিস্ফোৰক বেটিঙৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত 192 ৰাণ সংগ্ৰহ কৰে ৷ সূৰ্য কুমাৰ যাদৱে 78 ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলি দলক এক শক্তিশালী স্কৰ সংগ্ৰহত সহায় কৰে ৷ বেটছমেনজনে 53 টা বলত 3 টা ছয় আৰু 7 টা চাৰিৰ সহায়ত 78 ৰাণ সংগ্ৰহ কৰি ছেম কাৰেণৰ বলত পেভিলিয়নমুখী হয় ৷ ৰোহিত শৰ্মাই 36 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে তিলক বাৰ্মাই 34 ৰাণৰ বৰঙণি আগবঢ়াই ৷ পাঞ্জাৱৰ হৈ পৰ্ষাল পেটেলে সাৰ্বাধিক 3 টা উইকেট দখল কৰে ৷ ছেম কাৰেণে 2 টা উইকেট দখল কৰাৰ বিপৰীতে কেছিগ’ ৰাবাডাই 1 টা উইকেট দখল কৰে ৷
উল্লেখ্য যে, চলিত সংস্কৰণৰ আই পি এলত এতিয়ালৈকে খেলা 6 খন মেচৰ 2 খনত জয়লাভেৰে পঞ্জাৱ কিংছে 4 পইন্টেৰে তালিকাৰ অষ্টম স্থানত অৱস্থান কৰিছে ৷ দলটোৰ ৰাণ ৰেট হ’ল -0.218 ৷ আনহাতে মুম্বাই ইণ্ডিয়ানছে এতিয়ালৈকে খেলা 6 খন মেচৰ 2খনত জয়লাভাৰে 4 পিন্ট লাভ কৰি তালিকাৰ নৱম স্থানত আছে ৷ দলটোৰ ৰাণ ৰেট হ’ল -0234 ৷