ETV Bharat / sports

বৰ্ষাপাৰাত ৰাজস্থান-কলকাতাৰ মেচত বৰষুণৰ বিধি-পথালি, টছত বিলম্ব - IPL 2024

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 9:18 PM IST

IPL Match In Guwahati : গুৱাহাটীত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখনৰ টছ বৰষুণৰ বাবে পলম হৈছে ৷ ইতিমধ্যে দুয়োটা দলেই প্লে’ অফত প্ৰৱেশ কৰিছে ৷

IPL Match In Guwahati
বৰষুণৰ বাবে পলম হৈছে টছ (ETV BHARAT ASSAM)
ৰাজস্থান-কলকাতাৰ মেচত বৰষুণৰ বিধি-পথালি (ETV BHARAT ASSAM)

স্পৰ্টছ ডেস্ক, 19 মে’ : বৰ্ষাপাৰাত বৰষুণৰ বাবে বাধাগ্ৰস্ত হৈছে ৰাজস্থান-কলকাতাৰ মেচ ৷ দেওবাৰে গুৱাহাটীত কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আৰু ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ মাজত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মেচখনৰ টছ বৰষুণৰ বাবে পলম হৈছে ৷

আজি আই পি এল 2024 ৰ অন্তিমখন লীগ মেচত কে কে আৰ আৰু আৰ আৰ মুখামুখি হৈছে ৷ কলকাতা দলে নখন মেচত জয়, তিনিখনত পৰাজয়েৰে আৰু কোনো ফলাফল নোলোৱা এখন মেচৰ সৈতে 19 পইন্টেৰে তালিকাৰ শীৰ্ষ স্থানত আছে ৷ ইফালে আৰম্ভণি আৰু মধ্যম পৰ্যায়ত আই পি এলত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা ৰাজস্থান দলে শেহতীয়াকৈ প্ৰতিযোগিতাখনত একেৰাহে চাৰিটা পৰাজয়ৰ সন্মুখীন হৈছে ৷

ৰাজস্থান ৰয়েলছে আঠখন মেচ জয় আৰু পাঁচখনত পৰাজয়ৰ সৈতে 16 পইন্টেৰে তালিকাৰ তৃতীয় স্থানত আছে ৷ এই মেচত জয়লাভ কৰাতো দলটোৰ বাবে কেৱল প্লে’ অফৰ পূৰ্বে কিছু আত্মবিশ্বাস প্ৰাপ্ত কৰাৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, লগতে শীৰ্ষ দুটাৰ মাজত স্থান প্ৰাপ্ত কৰাটো সহায় কৰিব ৷

আই পি এলৰ অফিচিয়েল এক্স হেণ্ডেলে টছৰ বিষয়ে এক আপডেট দি কয়, "বৰষুণৰ বাবে #RRvKKR যুঁজত গুৱাহাটীত টছ বিলম্বিত হৈছে, পৰৱৰ্তী আপডেটৰ বাবে লগত থাকক ৷"

ইফালে, প্লে’ অফত থকা আন দুটা দল হৈছে ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ) আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি) ৷ এছ আৰ এইচ-য়ে হায়দৰাবাদত তেওঁলোকৰ অন্তিম লীগ মেচত পঞ্জাৱ কিংছৰ বিৰুদ্ধে চাৰি উইকেটৰ জয় লাভ কৰিছে ৷ এই জয়ৰ বাবে দলটো 17 পইন্টেৰে তালিকাৰ দ্বিতীয় স্থানলৈ উপনীত হৈছে ৷

আনহাতে আৰ চি বিয়ে শনিবাৰে বাংগালুৰুত চেন্নাই চুপাৰ কিংছৰ (চি এছ কে) বিৰুদ্ধে এক ৰোমাঞ্চকৰ খেলত 27 ৰাণত জয় লাভ প্লে’ অফত স্থান লাভ কৰে ৷ 219 ৰাণৰ লক্ষ্য অনুসৰণ কৰা চি এছ কেক 191/7 ত সীমিত ৰাখিছিল আৰ চি বিয়ে ৷ আৰ চি বিয়ে সাতখন মেচত জয়, সাতখনত পৰাজয়ৰ সৈতে 14 পইণ্টেৰে তচালিকাৰ চতুৰ্থ স্থানত আছে ৷ আঠখন খেলৰ মাত্ৰ এখনত জয়লাভেৰে প্ৰতিযোগিতাখনৰ এক ভয়ংকৰ আৰম্ভণিৰ পিচত, আৰ চি বিয়ে একেৰাহে 6 খন খেল জিকি প্লে’ অফত উপনীত হয় ৷

ইতিমধ্যে ৰাজস্থান আৰু কলকাতাৰ মাজৰ মেচখন উপভোগ কৰাৰ বাবে অহা হাজাৰ হাজাৰ দৰ্শকেৰে ভৰি পৰিছে বৰ্ষাপাৰা ষ্টেডিয়াম। ১০ বজালৈ অনুষ্ঠিত নহ’লে বাতিল হ'ব মেচ।

লগতে পঢ়ক : ৰিয়ানৰ সমৰ্থনত হেজাৰ হেজাৰ দৰ্শকেৰে ভৰিল বৰ্ষাপাৰা - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.