ETV Bharat / state

বুকমাইশ্ব’ত মুকলি গুৱাহাটীত অনুষ্ঠিত হ’বলগা প্ৰথমখন IPL খেলৰ টিকট - IPL 2024

author img

By ETV Bharat Assamese Team

Published : Apr 18, 2024, 10:18 PM IST

Tickets for the first IPL match in Guwahati open at BookMyShow
গুৱাহাটীত অনুষ্ঠিত হ’বলগা প্ৰথমখন IPL খেলৰ টিকট

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত ১৭ সংখ্যক আই পি এলৰ অন্তিম দুখন ঘৰুৱা মেচ গুৱাহাটীত খেলিব । গুৱাহাটীত হ’বলগা প্ৰথমখন মেচৰ বাবে বৃহস্পতিবাৰে আবেলিৰে পৰা অনুৰাগীৰ বাবে অনলাইনত টিকট মুকলি কৰিছে চলিত আই পি এলৰ পইণ্ট তালিকাৰ শীৰ্ষস্থানত থকা ৰয়েলছে ৷

গুৱাহাটী,১৮ এপ্ৰিল: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত ১৭ সংখ্যক আই পি এলৰ অন্তিম দুখন ঘৰুৱা মেচ গুৱাহাটীত খেলিব ৷ সঞ্জু ছেমছন নেতৃত্বত ৰাজস্থান ৰয়েলছে অহা ১৫ মে’ত গুৱাহাটীৰ প্ৰথম মেচত পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে অহা ১৯ মে’ত এচিএ ক্ৰিকেট ষ্টেডিয়ামত দলটো মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ ৷

গুৱাহাটীৰ দুয়োখন মেচেই নিশাৰভাগত অনুষ্ঠিত হ’ব ৷ ইফালে, গুৱাহাটীত অনুষ্ঠিত হ’বলগা প্ৰথমখন মেচৰ বাবে বৃহস্পতিবাৰে বিয়লিৰ পৰা অনুৰাগীৰ বাবে অনলাইনত টিকট মুকলি কৰে চলিত আই পি এলৰ পইণ্ট তালিকাৰ শীৰ্ষস্থানত থকা ৰয়েলছে ৷ এই সন্দৰ্ভত অনুষ্ঠিত হোৱা এক সংবাদমেলত ৰাজস্থান ৰয়েলছৰ মুখ্য কাৰ্যবাহী বিষয়া জেক লুছ মেকক্ৰামে ঘোষণা কৰা অনুসৰি বৃহস্পতিবাৰে আবেলি চাৰি বজাৰ পৰা অনুৰাগীয়ে পাঞ্জাব কিংছৰ বিৰুদ্ধে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া আৰ আৰ দলৰ প্ৰথমখন ঘৰুৱা মেচৰ টিকট ক্ৰয় কৰিব পাৰিব ৷

অৱশ্যে টিকট ক্ৰয়ৰ প্ৰথম সুবিধা লাভ কৰিব সেইসকল অনুৰাগীয়ে যিসকলে আগতীয়াকৈ ইয়াৰ বাবে অনলাইনত পঞ্জীয়ন কৰিছিল ৷ সেই অনুসৰি ইতিমধ্যে আগতীয়াকৈ পঞ্জীয়ন কৰা অনুৰাগীসকলে ১৮ এপ্ৰিল বৃহস্পতিবাৰে আবেলি চাৰি বজাৰ পৰা ১৯ এপ্ৰিল, শুকুৰবাৰে আবেলি চাৰি বজাৰ ভিতৰত ৰাজস্থান ৰয়েলছ দলৰ অফিচিয়েল টিকেটিং পাৰ্টনাৰ বুকমাইশ্ব’ত পঞ্জাৱৰ বিৰুদ্ধে খেলিব লগা মেচখনৰ টিকট সংগ্ৰহ কৰিব পাৰিব ৷ অনুৰাগীসকলে বুকমাইশ্ব’ৰ এপ বা ৱেবছাইটত গৈ এই টিকট ক্ৰয় কৰিব পাৰিব ৷

ইফালে, আগতীয়াকৈ পঞ্জীয়ন নকৰা অনুৰাগীৰ বাবে গুৱাহাটীত হ’বলগা প্ৰথমখন মেচৰ টিকট উপলব্ধ হ’ব ১৯ এপ্ৰিল, শুকুৰবাৰে আবেলি চাৰি বজাৰ পাচত ৷ এই টিকটো বুকমাইশ্ব’ৰ এপ বা ৱেবছাইটত গৈ ক্ৰয় কৰিব লাগিব ৷ অনলাইন টিকটৰ সৰ্বনিম্ন মূল্য এহেজাৰ টকাৰ পৰা আৰম্ভ হ’ব ৷ কিন্তু গুৱাহাটীত নিজৰ প্ৰিয় ৰয়েলছ তাৰকা ৰিয়ান পৰাগৰ খেল ষ্টেডিয়ামত উপভোগ কৰাৰ বাবে হেঁপাহ আৰু উৎকণ্ঠাত থকা ছাত্ৰ-ছাত্ৰীসকলক এইবাৰ বিশেষ সুবিধা দিছে ৰাজস্থান ৰয়েলছে ৷

সেই অনুসৰি ছাত্ৰ-ছাত্ৰীৰ বাবে দলটোৱে পাঁচশ টকা মূল্যৰ বিশেষ টিকটো মুকলি কৰিছে । যি পৰৱৰ্তী সময়ত বক্স অফিচত ক্ৰয় কৰিব পৰা যাব ৷ ইফালে, অহা ১৯ মে’ত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মেচৰ টিকট পৰৱৰ্তী সময়ত উপলদ্ধ হ’ব ৷ কিন্তু যিসকল অনুৰাগীয়ে গুৱাহাটীৰ প্ৰথম মেচৰ টিকট সংগ্ৰহ কৰিব সেইসকলক দ্বিতীয় মেচৰ টিকট ক্ৰয়ৰ সময়ত অগ্ৰাধিকাৰ দিয়া হ’ব ৷

বিশ্ব ক্ৰিকেটৰ শ্ৰেষ্ঠ পেছাদাৰী লীগ আই পি এলৰ লগত যোৱা বছৰ প্ৰথমবাৰৰ বাবে সংযোগ হৈছিল অসম তথা উত্তৰ-পূৱৰ ৷ গোলাপী চহৰ জয়পুৰৰ লগতে উত্তৰ-পূৱৰ দুৱাৰমুখ গুৱাহাটীকো নিজৰ দ্বিতীয় ঘৰ হিচাপে লৈ ৰাজস্থান ৰয়েলছে এচিএ ষ্টেডিয়ামত যোৱা ছিজনৰ দুখন ঘৰুৱা মেচ খেলিছিল ৷ ২০২৩ ত উত্তৰ-পূৱৰ ক্ৰিকেট অনুৰাগীৰ মৰম আৰু সমৰ্থনে পুনৰবাৰ ৰাজস্থান ৰয়েলছক গুৱাহাটীলৈ উভতি অহাত আকৃষ্ট কৰিছে ৷

এই সন্দৰ্ভত ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ তথা অসমৰ বিশিষ্ট উদ্যোগপতি ৰঞ্জিত বৰঠাকুৰে কয় "যোৱা ছিজনত আই পি এল প্ৰথমবাৰৰ বাবে উত্তৰ-পূবলৈ অহাৰ সময়তে এটা ডাঙৰ অভিজ্ঞতা হৈছিল ৷ অনুৰাগীসকলে আমাৰ ৰয়েলছৰ প্ৰতি বিপুল সমৰ্থন আৰু মৰম দেখুৱাইছিল ৷ এই ছিজনত দলটোক পুনৰ নিজৰ ঘৰলৈ আদৰণি জনোৱাৰ বাবে আমি অসমবাসীক ধন্যবাদ জনাইছো ৷ কেৱল ছিজনতে নহয়, বছৰজুৰি দলটোৱে অনুৰাগীৰ সমৰ্থন অনুভৱ কৰিছে ৷"

লগতে তেওঁ কয়, "আমি বিশ্বাস কৰো যে ক্ৰিকেটৰ বৃত্তটো হৈছে এক মহান ক্ৰীড়া আৰু মৰমৰ বৃত্ত, যিটো আমাৰ দলটোৱে অহা মে’ মাহত গুৱাহাটীৰ এচিএ ষ্টেডিয়ামৰ খেলপথাৰত নামিলে আকৌ এবাৰ অনুৰাগীৰ পৰা লাভ কৰাৰ আশা কৰিছে ৷"

ইফালে, গুৱাহাটীলৈ আই পি এল উভতি অহাৰ ফলত অঞ্চলটোৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়ে ব্যক্ত কৰি বৰঠাকুৰে লগতে কয় "আমি আশাবাদী যে উত্তৰ-পূবলৈ আকৌ এবাৰ আই পি এল ঘুৰি অহা ঘটনাটোৱে ক্ৰীড়া পৰিৱেশক বৈপ্লৱিক পৰিৱৰ্তন অনাত সহায় কৰিব । লগতে জনসাধাৰণৰ মাজত ক্ৰীড়াৰ বাতাবৰণ আৰু সক্ৰিয় জীৱনশৈলীৰ প্ৰসাৰ ঘটাব ৷"

ইফালে, ৰাজস্থান ৰয়েলছৰ অল ৰাউণ্ডাৰ তথা চলিত ছিজনত এতিয়ালৈকে আই পি এলৰ দ্বিতীয় সৰ্বাধিক ৰান স্ক’ৰাৰ হিচাপে স্থান লাভ কৰা ৰিয়ান পৰাগে নিজৰ দলটি গুৱাহাটীলৈ পুনৰবাৰ ঘূৰি অহা সন্দৰ্ভত কয় "যোৱা বছৰ এচিএ ষ্টেডিয়ামত মেচখন এটা স্মৰণীয় অভিজ্ঞতা আছিল আৰু আমি সকলোৱে এইবাৰো গুৱাহাটীলৈ উভতি আহি পুনৰ দুখন ঘৰুৱা মেচ খেলিবলৈ পাই অতিশয় উৎসাহিত হৈছো ৷ এইবাৰ দলটোৱে কিছু ভাল খেলি আহিছে আৰু আমি আমাৰ সুন্দৰ প্ৰদৰ্শন ধৰি ৰাখিবলৈ আগ্ৰহী ৷ উত্তৰ-পূবৰ অনুৰাগীসকলকো আমাৰ দলৰ জয়ৰ সাক্ষী কৰাটো মূল লক্ষ্য ৷"

লগতে পঢ়ক: পঞ্জাবৰ বিৰুদ্ধে ৰাজস্থানক জয়ৰ বাবে প্ৰয়োজন ১৪৮ ৰান - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.