ETV Bharat / sports

পঞ্জাবৰ বিৰুদ্ধে ৰাজস্থানক জয়ৰ বাবে প্ৰয়োজন ১৪৮ ৰান - IPL 2024

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 11:00 PM IST

PBKS vs RR IPL 2024
পঞ্জাবৰ বিৰুদ্ধে ৰাজস্থানক জয়ৰ বাবে প্ৰয়োজন ১৪৮ ৰান

PBKS vs RR IPL 2024: আই পি এল ২০২৪ৰ ২৭ সংখ্যক মেচত পঞ্জাৱৰ বিৰুদ্ধে টছত জয়লাভ কৰি ৰাজস্থানে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । পঞ্জাবে ২০ অভাৰত ৮টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৪৭ ৰান ।

স্পৰ্টছ ডেস্ক, ১৩ এপ্ৰিল: মোহলীৰ মল্লপুৰ ক্ৰিকেট ষ্টেডিয়ামত শনিবাৰে অনুষ্ঠিত আই পি এল ২০২৪ৰ ২৭ সংখ্যক মেচত পঞ্জাৱৰ বিৰুদ্ধে টছত জয়লাভ কৰি ৰাজস্থানে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰিবলৈ অহা পঞ্জাৱ বেটছমেনসকলে সংগ্ৰাম কৰা দেখা গৈছিল । প্ৰথম উইকেটৰ পূৰ্বে অৰ্থব টাইড আৰু জনী বেয়াৰষ্ট’ৰ মাজত ২৭ ৰানৰ অংশীদাৰিত্ব হয় । চতুৰ্থ অভাৰত আভেশ খানে অৰ্থবৰ উইকেট লয় ৷

এই মেচখনত শিখৰ ধাৱনৰ ঠাইত অৰ্থবক খেলা দেখা গৈছিল । দলটোক দ্বিতীয়টো আঘাত হানে যুজবেন্দ্ৰ চাহালে ৷ তাৰকা স্পিনাৰগৰাকীয়ে প্ৰভসীমৰণ সিঙক ১০ ৰান কৰি আউট কৰে । ইয়াৰ পিছত কেশৱ মহাৰাজে জনী বিকাৰষ্ট’ক লক্ষ্য কৰি লয় । অষ্টম অভাৰৰ অন্তিম বলত তেওঁ পঞ্জাৱক তৃতীয়টো আঘাত দিয়ে । ১৫ ৰান সংগ্ৰহ কৰি পেভেলিয়নমুখী হয় বেয়াৰষ্ট’।

  • " class="align-text-top noRightClick twitterSection" data="">

এই খেলখনত ছেম কাৰানে ৫ ৰান আৰু শশাংক সিঙে ৯ ৰান সংগ্ৰহ কৰে । ভাল ফৰ্মত থকা জিতেশ শৰ্মাক দলীয় স্ক’ৰ ১০৩ ৰান হোৱাৰ সময়তে পেভিলিয়নলৈ প্ৰেৰণ কৰে আৱেশ খানে । তেওঁ এটা চাৰি আৰু দুটা ছয়ৰ সহায়ত ২৯ ৰান কৰিবলৈ সক্ষম হয় । ইয়াৰ পিছত লিয়াম লিভিংষ্টনে ২১ ৰান সংগ্ৰহ কৰি উভতি আহে । তেওঁক ৰান আউট কৰিছিল সঞ্জু ছেমচনে ।

পঞ্জাৱৰ হৈ ডেথ অভাৰত আশুতোষ শৰ্মাই ট্ৰাবল শ্বুটাৰ হিচাপে প্ৰমাণিত হয় । তেওঁ মাত্ৰ ১৬টা বলত ৩১ ৰানৰ ইনিংছ খেলিছিল । এই সময়ত তেওঁ এটা চাৰি আৰু তিনিটা ছয়েৰে ১৯৩.৭৫ ষ্ট্ৰাইক ৰেটত আঘাত কৰে । শেষৰ অভাৰৰ শেষ বলত কেশৱ মহাৰাজৰ বলত তেওঁক ট্ৰেণ্ট ব’ল্টৰ হাতত কেচ আউট হয় । আনহাতে, হৰপ্ৰীত ব্ৰাৰে তিনি ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে । পঞ্জাবে ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৪৭ ৰান সংগ্ৰহ কৰে ।

লগতে পঢ়ক: মুম্বাইৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত আৰ চি বি - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.