ETV Bharat / sports

মুম্বাইৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত আৰ চি বি - IPL 2024

author img

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 6:53 AM IST

RCB VS MI : আই পি এল ২০২৪ ত পুনৰ এবাৰ পৰাজয়ৰ সন্মুখীন আৰ চি বি । বৃহস্পতিবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত কোহলী বাহিনী ।

IPL 2024 RCB VS MI
RCB VS MI

নিউজ ডেস্ক, ১২ এপ্ৰিল : বৃহস্পতিবাৰে ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আই পি এল ২০২৪ ৰ ২৫ সংখ্যক মেচখনত মুম্বাই ইণ্ডিয়ানছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক ৭ উইকেটত পৰাস্ত কৰে । খেলখনত প্ৰথমে বেটিং কৰা আৰ চি বিয়ে এক শক্তিশালী টাৰ্গেট বান্ধি দিছিল যদিও মুম্বাইৰ খেলুৱৈয়ে ইয়াক অতি সহজেই ১৫.৩ অভাৰতে অতিক্ৰম কৰে ।

খেলখনত টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই । আৰ চি বিৰ বাবে বেটিঙৰ আৰম্ভণিটো বৰ সন্তোষজনক নাছিল ৷ কিয়নো দলটোৰ অধিনায়ক তথা আই পি এল ২০২৪ ৰ বৰ্তমানলৈকে সৰ্বোচ্চ ৰাণৰ গৰাকী বিৰাট কোহলী মাত্ৰ ৩ ৰাণ কৰিয়েই বুমৰাহৰ বলত কেচ আউট হয় । তাৰ ঠিক পিচতেই উইল জেকছো ৮ ৰাণ কৰিয়েই পেভিলিয়নলৈ ওভতে ।

কিন্তু ফাফ ডু প্লেছিছ আৰু ৰজত পাটিদাৰে ইনিংছ চম্ভালি দলৰ স্ক'ৰ আগুৱাই নিয়ে । ডু প্লেছিছে ৪০ টা বল খেলি ৪ টা বাউণ্ডেৰী আৰু ৩ টা ছিক্সাৰৰ সহায়ত ৬১ ৰাণ সংগ্ৰহ কৰে । ইফালে ৰজত পাটিদাৰেও ২৬ টা বলত ৩ টা বাউণ্ডেৰী আৰু চাৰিটা ছিক্সাৰৰ সহায়ত ৫০ ৰাণৰ এটা দৰ্শনীয় ইনিংছ খেলে ।

দলৰ স্ক'ৰ ১০৫ ৰাণ হৈ থকা অৱস্থাত ৰজত পাটিদাৰৰ উইকেটৰ পতন ঘটে । তাৰ পিচতেই অষ্ট্ৰেলিয়ান অল ৰাউণ্ডাৰ গ্লেন মেক্সৱেল ক্ৰীজলৈ আহে যদিও ৪ টা বল খেলি কোনো ৰাণ নকৰাকৈয়ে আউট হয় । মেচখনত আৰ চি বিৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে দীনেশ কাৰ্তিকে । ষষ্ঠ স্থানত বেটিং কৰিবলৈ অহা কাৰ্তিকে ২৩ টা বলত ৫৩ ৰাণ কৰি অপৰাজিত হৈ থাকে আৰু নিচেই কম ৰাণৰ টাৰ্গেট হ'ব বুলি ভবা মেচখনত আৰ চি বিক ১৯৬ ৰাণত উপনীত কৰে ।

কাৰ্তিকে ৫ টা বাউণ্ডেৰী আৰু ৪ টা ছিক্সাৰ কোবায় । নিৰ্ধাৰিত ২০ অভাৰত ৮ টা উইকেট হেৰুৱাই আৰ চি বিয়ে ১৯৬ ৰাণ সংগ্ৰহ কৰে আৰু মুম্বাই ইণ্ডিয়ানছক জয়ৰ বাবে ১৯৭ ৰাণৰ লক্ষ্য বান্ধি দিয়ে । মুম্বাইৰ হৈ যশপ্ৰীত বুমৰাহে সৰ্বাধিক ৫ টা উইকেট দখল কৰে । ক্ৰিকেটৰ আটাইতকৈ চুটি ফৰ্মেটত ১৯৭ ৰাণৰ লক্ষ্য একেবাৰে সহজ নহয় যদিও, মুম্বাইৰ খেলুৱৈয়ে ইয়াক যেন সহজ বুলিয়েই ধৰি ল'লে ।

অপেনাৰ ঈশান কিষাণে আৰম্ভণিৰ পৰাই মাৰমুখী বেটিং কৰিবলৈ ধৰে । ঈশানক সহযোগিতা আগবঢ়ায় ৰোহিত শৰ্মাই । ৩৪ টা বল খেলি ঈশানে ৭ টা বাউণ্ডেৰী আৰু ৫ টা অভাৰ বাউণ্ডেৰীৰ সহায়ত মুঠ ৬৯ ৰাণ কৰে । মুম্বাইৰ প্ৰথমটো উইকেটৰ পতন ঘটে ৮.৫ অভাৰত ঈশানৰ ৰূপত । সেই সময়ত দলৰ স্ক'ৰ আছিল ১০১ ।

ইফালে ইম্পেক্ট প্লেয়াৰ হিচাপে খেলপথাৰত নমা মিঃ ৩৬০ ডিগ্ৰী হিচাপে পৰিচিত সূৰ্যকুমাৰ যাদৱেও আৰ চি বিৰ বলাৰৰ ওপৰত প্ৰহাৰ আৰম্ভ কৰে । ৰোহিত শৰ্মায়ো স্বভাৱসুলভ গতিৰে খেলি ২৪ টা বলত ৩ টা বাউণ্ডেৰী আৰু ৩ টা ছিক্সাৰ কোবাই ৩৮ ৰাণ সংগ্ৰহ কৰে । টপলীৰ বলত কেচ আউট হয় শৰ্মা ।

ইফালে আক্ৰমণাত্মকভাৱে খেলি অৰ্ধশতক অৰ্জন কৰা সূৰ্যকুমাৰে মাত্ৰ ১৯ টা বলত ৫ টা বাউণ্ডেৰী আৰু ৪ টা অভাৰ বাউণ্ডেৰী কোবাই ৫২ ৰাণ সংগ্ৰহ কৰে । বিজয় কুমাৰৰ এটা ৱাইড বলত বাউণ্ডেৰীলৈ কোবাবলৈ গৈ কেচ আউট হয় সূৰ্যকুমাৰ যাদৱ । অধিনায়ক হাৰ্দিক পাণ্ডিয়াই ৬ টা বলত ২১ ৰাণ কৰি অপৰাজিত হৈ থাকে ।

বৰ্তমানলৈকে মুম্বাই ইণ্ডিয়ানছে আই পি এল ২০২৪ ছিজনত পাঁচখন মেচ খেলিছে আৰু ইয়াৰে ২ খনত জয়লাভ কৰাৰ বিপৰীতে ৩ খনত পৰাস্ত হৈছে । মুঠ ৪ পইন্টেৰে তালিকাৰ সপ্তম স্থানত আছে মুম্বাই । ইফালে আৰ চি বিয়ে ৬ খন খেলৰ ভিতৰত মাত্ৰ এখনতহে জিকিবলৈ সক্ষম হৈছে । পইন্ট তালিকাত নৱম স্থানত আছে আৰ চি বি । মুঠ ৮ পইন্টেৰে তালিকাৰ শীৰ্ষত আছে ৰাজস্থান ৰয়েলছ ।

লগতে পঢ়ক : টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলত স্থান নিশ্চিত বিৰাট কোহলীৰ ! - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.