অসম

assam

গৌৰৱ গগৈক পলৰীয়া আখ্যা বিধায়ক ৰূপক শৰ্মাৰ

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 5:24 PM IST

Lok Sabha election 2024: গৌৰৱ গগৈয়ে নগাঁও সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে । যাক লৈ কংগ্ৰেছত ব্যাপক উত্তেজনা দেখা গৈছে । এনে সময়তে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই গগৈক কিয় পলৰীয়া আখ্যা দিলে ?

Lok Sabha election 2024
গৌৰৱ গগৈক পলৰীয়া আখ্যা বিধায়ক ৰূপক শৰ্মাৰ

গৌৰৱ গগৈক পলৰীয়া আখ্যা বিধায়ক ৰূপক শৰ্মাৰ

নগাঁও,২৯ ফেব্ৰুৱাৰী :সমষ্টি পুনৰ নিৰ্ধাৰণৰ লগে লগে ভোট বিন্যাস সলনি হোৱাৰ পিচতেই নগাঁও লোকসভা সমষ্টি দখলৰ বাবে কংগ্ৰেছ দলত অব্যাহত আছে খোৱা-কামোৰা । বিশেষকৈ নগাঁও লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক বঞ্চিত কৰি নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব লাভৰ শেষ প্ৰচেষ্টা অব্যাহত ৰাখিছে পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত নগাঁও লোকসভা সমষ্টিত সংখ্যালঘু ভোটাৰৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবেই গৌৰৱ গগৈয়ে সমষ্টিটোৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ চেষ্টা অব্যাহত ৰখা বুলি ব্যাপক চৰ্চাও চলি আছে । তাৰ মাজতে গৌৰৱ গগৈক পলৰীয়া আখ্যা নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা বিজেপি নেতা ৰূপক শৰ্মাৰ । বৃহস্পতিবাৰে লোকসভা সমষ্টিৰ নিৰ্বাচনক লৈ কেইবাটাও মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই ।

যোৰহাট অথবা কাজিৰঙা লোকসভা সমষ্টিৰ বিপৰীতে কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে নগাঁও লোকসভা সমষ্টিৰ পৰা কেৱল সংখ্যালঘু ভোটৰ আশাতে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিছে বুলি দাবী কৰি ৰূপক শৰ্মাই কয় যে কংগ্ৰেছে কেৱল সংখ্যালঘু ভোটাৰৰ ওপৰতে নিৰ্ভৰশীল । কিন্তু তেওঁৰ মতে বিজেপিয়ে 'সব কা চাথ সব কা বিকাশ' আৰু 'সব কা বিশ্বাস'ৰ ৰাজনীতি কৰে । এইবাৰ সংখ্যালঘু ভোটাৰেও কংগ্রেছক পিঠি দিব বুলি বিধায়ক ৰূপক শৰ্মাই দাবী কৰে ।

আনকি কংগ্রেছক ডুবন্ত নাও আখ্যা দি বিধায়ক ৰূপক শৰ্মাই কয় যে সংখ্যালঘু ভোটাৰক লৈ কংগ্ৰেছে কৰা চিন্তা এইবাৰ সফল নহ'ব । ৰূপক শৰ্মাই দাবী কৰা মতে বিজেপিয়ে অসমত আগন্তুক লোকসভা নিৰ্বাচনত ১২ খন আসন লাভ কৰিব ।

লগতে পঢ়ক :বিজেপিত যোগদান সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে

ABOUT THE AUTHOR

...view details