ETV Bharat / politics

বিজেপিত যোগদান সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে

author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 8:04 AM IST

বিজেপিত যোগদানৰ সম্ভাৱনা অস্বীকাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ
বিজেপিত যোগদানৰ সম্ভাৱনা অস্বীকাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

Pradyut Bordoloi denies of joining BJP : ৰাণা গোস্বামীৰ পাচত এইবাৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সাংসদ প্ৰদ্যুৎ বৰদলৈ বিজেপিমুখী হ’ব বুলি ৰাজনৈতিক মহলত সৰৱ চৰ্চা চলিছে ৷ কিন্তু চৰ্চাক একেমুখ্য নস্যাৎ কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে ৷ সামাজিক মাধ্যম X ৰ যোগে সাংসদ বৰদলৈয়ে স্পষ্ট কৰিছে নিজ স্থিতি ৷

গুৱাহাটী, 29 ফেব্ৰুৱাৰী : নগাঁৱত লোকসভাৰ দলীয় প্ৰাৰ্থিত্ব নাপালে বিজেপিত যোগদানৰ সম্ভাৱনাৰ বাতৰিক অস্বীকাৰ কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ সামাজিক মাধ্যম X ৰ যোগেদি এই প্ৰসংগত ৰাজহুৱা স্পষ্টীকৰণ আগবঢ়াইছে প্ৰদ্যুৎ বৰদলৈয়ে ৷ সাংসদ বৰদলৈয়ে তেওঁ বিজেপিত যোগদান কৰাৰ সম্ভাৱনাৰ বাতৰি অস্বীকাৰ কৰি এয়া গ’ৱেলচীয় প্ৰচাৰ বুলি দাবী কৰিছে সামাজিক মাধ্যমত ৷

সামাজিক মাধ্যমত প্ৰদ্যুৎ বৰদলৈয়ে লিখিছে - “তেওঁলোকৰ বাধ্যবাধকতা বুজি লওক, কিন্তু মই পুনৰ ক’ব বিচাৰো যে মোৰ @BJP4India ত যোগদানৰ বিষয়ে এনে গ’বেলচীয়ান (Goebbelsian) অপপ্ৰচাৰ একেবাৰে ভিত্তিহীন ।”

লগতে তেওঁ সামাজিক মাধ্যম X ত লিখিছে, “বিজেপিয়ে জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ কেৱল গ’বেলচীয়ান কৌশলৰ চেষ্টাহে কৰিছে ৷ কিন্তু এইবোৰ কেৱল কৌশল হৈয়ে থাকিব ৷ মিছা কথা যিমানেই বাৰে বাৰে নকওক কিয়, সত্য হ’ব নোৱাৰে ।”

উল্লেখ্য যে, বুধবাৰৰ দিনটোৰ এক সৰৱ চৰ্চা আছিল যে কংগ্ৰেছ এৰি বিজেপিত যোগ দিয়াৰ সম্ভাৱনা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ৷ নগাঁৱত বিজেপিয়ে প্ৰাৰ্থিত্ব দিব প্ৰদ্যুৎ বৰদলৈক ৷ প্ৰদেশ কংগ্ৰেছ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে বুধবাৰে দলটোৰ পৰা পদত্যাগৰ কৰাৰ পিচতেই কংগ্ৰেছৰ নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ দল এৰিব বুলি কৰা বাতৰিয়ে ৰাজ্য তোলপাৰ লগাইছিল । এই বাতৰি প্ৰসংগতে X ত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ বৰদলৈয়ে বিজেপিত যোগদান সম্ভাৱনাক নস্যাৎ কৰিছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

শেহতীয়াকৈ কংগ্ৰেছৰ পৰা বিজেপিত অসমৰ শীৰ্ষ পৰ্যায়ৰ নেতাই যোগদান কৰাৰ ঢৌ উঠিছে । বুধবাৰে ৰাণা গোস্বামীৰ বিজেপিত যোগদানৰ কথা নিশ্চিত হোৱাৰ পিচতে সেই শাৰীত প্ৰদ্যুৎ বৰদলৈয়ো আছে বুলি ৰাজনৈতিক মহল আৰু বিজেপিৰ ভিতৰ চ’ৰাত ব্যাপক চৰ্চা লাভ কৰিছিল ৷

তাৰ মাজতে বিয়লি ভাগলৈ প্ৰদ্যুৎ বৰদলৈৰ ৰাজহুৱা স্পষ্টীকৰণে সদ্যহতে কংগ্ৰেছক হয়তো কিছু আস্বস্ত কৰিছে । কিন্তু সমাগত লোকসভাৰ নিৰ্বাচনৰ অসমৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব ঘোষণা হ’লেহে স্পষ্ট হ’ব সঁচাকৈয়ে নগাঁৱত টিকট নাপালেও বিজেপিত যোগদান দিব নে নিদিয়ে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

লগতে পঢ়ক : প্ৰদ্যুৎ বৰদলৈয়েও এৰিব নেকি কংগ্ৰেছ ! হ’ব নেকি বিজেপিৰ নগাঁৱৰ প্ৰাৰ্থী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.