অসম

assam

প্ৰসংগ বিজেপিত যোগাযোগ: কামাখ্যাত শপত খাবলৈ প্ৰদ্যুৎ বৰদলৈক প্ৰত্যাহ্বান মন্ত্ৰী পীযুষৰ - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 8:37 PM IST

এইবাৰ কামাখ্যাত শপত খাবলৈ প্ৰদ্যুৎ বৰদলৈক প্ৰত্যাহ্বান জনালে মন্ত্ৰী পীযুষ হাজৰীকাই। নগাঁৱত সুৰেশ বৰাৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰীগৰাকীৰ। অধিক উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোট দিবলৈ সংখ্যালঘু ৰাইজক আহ্বান মন্ত্ৰী পীযুষৰ ৷

MINISTER PIJUSH HAZARIKA
কংগ্ৰেছক কটাক্ষ কৰে মন্ত্ৰী পীযুষ হাজৰীকাৰ

প্ৰদ্যুৎ বৰদলৈক প্ৰত্যাহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ

নগাঁও, 21 এপ্ৰিল : নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে দুমাহ পূৰ্বে বিজেপিত যোগদানৰ বাবে যোগাযোগ কৰা বুলি মন্ত্ৰী পীযুষ হাজৰীকাই উত্থাপন কৰা অভিযোগক লৈ সম্প্ৰতি উত্তাল হৈ আছে নগাঁৱৰ ৰাজনীতি ৷ এইবাৰ কামাখ্যাত শপত খাবলৈ প্ৰদ্যুৎ বৰদলৈক প্ৰত্যাহ্বান জনাইছে মন্ত্ৰী পীযুষ হাজৰীকাই ৷

প্ৰথমে প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল পীযুষ হাজৰীকাই ৷ মন্ত্ৰীগৰাকীয়ে উত্থাপন কৰা অভিযোগ মতে প্ৰদ্যুৎ বৰদলৈৰ প্ৰাৰ্থিত্ব নিশ্চিত হোৱাৰ পূৰ্বে তেওঁৰ সৈতে বিজেপিৰ টিকট বিচাৰি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে যোগাযোগ কৰিছিল ৷ এই অভিযোগ উত্থাপন কৰাৰ পিচতেই মন্ত্ৰী হাজৰীকাক প্ৰত্যাহ্বান জনায় প্ৰদ্যুৎ বৰদলৈয়ে ৷ বিজেপিত যোগদানৰ বাবে মন্ত্ৰী পীযুষ হাজৰীকাক যোগাযোগ কৰাৰ প্ৰমাণ ৰাজহুৱা কৰিবলৈ শনিবাৰে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ই টি ভি ভাৰতৰ জৰিয়তে মন্ত্ৰীগৰাকীক প্ৰত্যাহ্বান জনাইছিল ৷ প্ৰদ্যুৎ বৰদলৈয়ে প্ৰত্যাহ্বান জনোৱাৰ পিচতেই দেওবাৰে পুনৰ আক্ৰমাণাত্মক হৈ পৰে মন্ত্ৰী পীযুষ হাজৰীকা ৷ সোমবাৰে পুৱাই একেলগে কামাখ্যাত শপত খাবলৈ প্ৰদ্যুৎ বৰদলৈক প্ৰত্যাহ্বান জনালে মন্ত্ৰীগৰাকীয়ে৷

ইফালে চামগুৰিত ৰকিবুল হুছেইনে পৰাজয়ৰ উমান পাই ধুবুৰীলৈ পলায়ন কৰা বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ দেওবাৰে নগাঁও চহৰৰ সমীপৰ শিয়ালমাৰীত অনুষ্ঠিত হোৱা বিজেপিৰ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰে মন্ত্ৰী হাজৰীকাই ৷ কংগ্ৰেছ চৰকাৰৰ দিনত চৰকাৰী চিকিৎসকৰ সংখ্যা কম থকাৰ বাবেই বহু নিৰীহ ৰোগী মৃত্যুমুখত পৰিছিল বুলি ভাষণত উল্লেখ কৰি চিকিৎসাৰ অভাৱত ৰোগীৰ মৃত্যু হোৱাৰ বাবে কংগ্ৰেছ জগৰীয়া বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে পূৰ্বে ভোট লাভ নকৰা এলকাতো মথাউৰি নিৰ্মাণকে ধৰি বিভিন্ন উন্নয়নমূলক কাম কৰা বুলি দাবী কৰি ভোট লাভ কৰিলে অধিক উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই ৷

উল্লেখ্য যে, দেওবাৰে নগাঁৱৰ শিয়ালমাৰীত অনুষ্ঠিত হোৱা বিজেপিৰ নিৰ্বাচনী সভাত কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ ঘনিষ্ঠ কেবাগৰাকী নেতাৰ নেতৃত্বত দলটোৰ ছয় শতাধিক কৰ্মী-সমৰ্থকে বিজেপিত যোগদান কৰে ৷ ইফালে দেওবাৰে নগাঁৱৰ কেবাটাও প্ৰান্তত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী পীযুষ হাজৰীকাই ৷ মন্ত্ৰীগৰাকীৰ সৈতে নিৰ্বাচনী প্ৰচাৰত অংশ লয় বিধায়ক ৰূপক শৰ্মা, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথসহ কেইবাগৰাকী নেতাই ৷

লগতে পঢ়ক :সাংসদ অজিত কুমাৰ ভূঞাৰ মুখত ‘টকাৰ জয় হ’ব’ প্ৰসংগ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details