ETV Bharat / politics

সাংসদ অজিত কুমাৰ ভূঞাৰ মুখত ‘টকাৰ জয় হ’ব’ প্ৰসংগ - Lok sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 1:38 PM IST

MP Ajit Kumar Bhuyan: শিলচৰত সংবাদমেল সম্বোধন কৰি বিজেপি এআইডিএফক ক্ষুৰধাৰ সমালোচনা সাংসদ অজিত কুমাৰ ভূঞাৰ । প্ৰশাসন যন্ত্ৰক ব্যৱহাৰ কৰাৰ অভিযোগ বিজেপি দলৰ বিৰুদ্ধে ৷ অসম সুৰা, এনকাউণ্টাৰ, দুৰ্নীতিত শীৰ্যস্থানত আছে বুলি কয় ভূঞাই ৷

MP Ajit Kumar Bhuyan press meet in silchar
সাংসদ অজিত কুমাৰ ভূঞাৰ মুখত ‘টকাৰ জয় হ’ব’ প্ৰসংগ

সাংসদ অজিত কুমাৰ ভূঞাৰ মুখত ‘টকাৰ জয় হ’ব’ প্ৰসংগ

শিলচৰ,21 এপ্ৰিল: "বিজেপি যিকেইখন আসনত জয়ী হ’ব, তাতে বিজেপিৰ নহয়, টকাৰ জয় হ’ব ৷" শিলচৰত এই বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই ৷ ৰাজ্যৰ লোকসভা নিৰ্বাচনত 14 খন আসনৰ ভিতৰত কমেও 6 খন আসন কংগ্ৰেছেে লাভ কৰিব বুলি দাবী কৰিছে ৰাজ্যসভাৰ সাংসদগৰাকীয়ে ৷

শিলচৰত আয়োজন কৰা সংবাদমেলখনত অজিত ভূঞাই কয়, "বিজেপিয়ে যেনেদৰে পৰিৱেশ তৈয়াৰ কৰিব বিচাৰিছিল বাস্তৱত তেনে পৰিৱেশ তৈয়াৰ হোৱা নাই ৷ বৰং ৰাজ্যত কংগ্ৰেছৰ পক্ষে বতাহ বলিছে ৷ যোৰহাট, কৰিমগঞ্জ আনকি গুৱাহাটী আসনো কংগ্ৰেছে দখল কৰিব ৷

সমান্তৰালভাবে প্ৰশাসন যন্ত্ৰক ব্যৱহাৰ কৰি দেশত বিজেপিয়ে নিৰ্বাচন খেলিছে বুলি দাবী কৰি ৰাহুল গান্ধীৰ হেলিকপ্টাৰত তালাচী চলোৱা ঘটনাৰ গৰিহণা জনাই অজিত ভূঞাই মোদী আৰু অমিত শ্বাহৰ হেলিকপ্টাৰত তালাচী চলালে টকা লাভ কৰিলে হয় বুলি দাবী কৰে ৷

আনহাতে, বিজেপিয়ে ৰাজ্যত বিকাশ-উন্নয়ন হোৱা বুলি দাবী কৰি অহা প্ৰসংগত শাসকীয় চৰকাৰখনক সমলোচনা কৰি ভূঞাই কয়, " অহৰহ কৈ থাকে বিকাশ বিকাশ বিকাশ ৷ বিকাশ ক’ত ৰাইজে দেখিবলৈ পোৱা নাই ৷ ফ্লাই অভাৰ বনোৱাটো বিকাশ নহয় ৷ ফ্লাই অভাৰ নিৰ্মাণ কমিচনৰহে অংক ৷"

সংবাদমেলখনত ভূঞাই দেশৰ আগশাৰীৰ সংবাদপত্ৰ ‘The Indian Express’ ৰ এক প্ৰতিবেদনত বিজেপিৰ ৱাচিং মেচিনত সোমোৱা 25 গৰাকী দুৰ্নীতিগ্ৰস্ত নেতাৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নামো আছিল বুলি উল্লেখ কৰি ৰাজ্যখন এতিয়া সুৰা, এনকাউণ্টাৰতহে শীৰ্যস্থানত আছে বুলি আক্ষেপ প্ৰকাশ কৰে ৷

এ আই ইউ ডি এফ বিজেপিৰ এজেন্ট বুলি অভিযোগ কৰি ভূঞাই কয়, "ৰাজ্যবাসীয়ে এ আই ইউ ডি এফৰ অৱস্থানৰ কথা এতিয়া বুজিব পাৰিছে, সেয়েহে এইবাৰ নিৰ্বাচনত এ আই ইউ ডি এফক গুৰুত্ব দিয়া নাই ৰাইজে ৷ কৰিমগঞ্জত ৰাইজে এ আই ইউ ডি এফৰ নেতাক পহুখেদা দিছে ।"

উল্লেখ্য যে, কৰিমগঞ্জৰ কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰচিদৰ প্ৰচাৰ চলাবলৈ শেহতীয়াকৈ বৰাকত উপস্থিত হৈছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা । শনিবাৰে কৰিমগঞ্জত হাফিজ ৰচিদৰ হৈ কেইবাখনো নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে ভূঞাই । কৰিমগঞ্জৰ এই প্ৰচাৰ অভিযান সমাপ্ত কৰি দেওবাৰে শিলচৰৰ এখন হোটেলত সংবাদমেল পাতি বিজেপি আৰু এ আই ইউ ডি এফ দলক চোকা সমালোচনা কৰা দেখিবলৈ পোৱা যায় ।

লগতে পঢ়ক: কি হ’ব লখিমপুৰ লোকসভা সমষ্টিৰ ফলাফল - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.