অসম

assam

বিপদত লালু প্ৰসাদ যাদৱ: 27 বছৰ পুৰণি গোচৰত গ্ৰেপ্তাৰী পৰোৱানা জাৰি আদালতৰ - Arrest Warrant Against Lalu Yadav

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 4:56 PM IST

Arrest Warrant Against Lalu Yadav: গ্ৰেপ্তাৰ হ'ব নেকি আৰ জে ডিৰ সভাপতি লালু প্ৰসাদ যাদৱ ? কাৰণ মধ্যপ্ৰদেশৰ এম পি-এম এল এ আদালতে তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে। এই নিৰ্দেশৰ পিচতে পাটনালৈ ৰাওনা হৈছে গোৱালিয়ৰ আৰক্ষী।

Arrest Warrant Against Lalu Yadav
লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা

নিউজ ডেস্ক, 6 এপ্ৰিল : লোকসভা নিৰ্বাচনৰ পূৰ্বে বিপদত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় জনতা দলৰ মুৰব্বী লালু প্ৰসাদ যাদৱ ৷ 27 বছৰ পুৰণি এক গোচৰত মধ্যপ্ৰদেশৰ এম পি-এম এল এ আদালতে তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে ৷ ইয়াৰ পিচতে গোৱালিয়ৰ আৰক্ষী পাটনালৈ ৰাওনা হৈছে ৷ এই সন্দৰ্ভত মধ্য প্ৰদেশ আৰক্ষীয়ে পাটনা এছ এছ পিৰ সৈতে ফোনযোগে কথা পাতিছে আৰু সহযোগিতা বিচাৰিছে ৷

লালুৰ বিৰুদ্ধে জাৰি ৱাৰেণ্ট :

শুকুৰবাৰে মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ এম পি-এম এল এ আদালতে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় জনতা দলৰ ৰাষ্ট্ৰীয় সভাপতি লালু যাদৱৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰিছিল ৷ এজন অস্ত্ৰৰ দোকানৰ অপাৰেটৰে 1997 চনত তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল ৷ ইতিমধ্যে লালুৰ বিৰুদ্ধে স্থায়ী ৱাৰেণ্ট জাৰি কৰা হৈছে, তাৰ পিচত আদালতে তেওঁক পলাতক ঘোষণা কৰে ৷

ঘটনাটো কি ?

দৰাচলতে 1997 চনত গোৱালিয়ৰৰ বাসিন্দা প্ৰকাশ আৰ্মছ ষ্ট’ৰৰ অপাৰেটৰ প্ৰবেশ কুমাৰ চতুৰ্বেদীয়ে উত্তৰ প্ৰদেশৰ মহোবাত অৱস্থিত এক অস্ত্ৰ ষ্ট’ৰৰ (Arms Store) অপাৰেটৰ ৰাজকুমাৰ শৰ্মাৰ বিৰুদ্ধে প্ৰৱঞ্চনামূলকভাৱে অস্ত্ৰ বিক্ৰীৰ বাবে ইন্দৰগঞ্জ থানাত এজাহাৰ দাখিল কৰিছিল ৷ তেওঁ অভিযোগ কৰিছিল যে ৰাজকুমাৰে গোৱালিয়ৰৰ এটা প্ৰতিষ্ঠানৰ পৰা অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰি বিহাৰত বিক্ৰী কৰিছিল ৷ এই গোচৰত লালু প্ৰসাদ যাদৱকে ধৰি 23 জন লোকক অভিযুক্ত কৰা হৈছিল ৷

ইয়াৰ পূৰ্বেও লালুৰ বিৰুদ্ধে স্থায়ী ৱাৰেণ্ট :

এই গোচৰত লালুৰ বিৰুদ্ধে স্থায়ী ৱাৰেণ্ট জাৰি কৰা হৈছে, তাৰ পিচত তেওঁক পলাতক বুলি ঘোষণা কৰা হৈছে ৷

লগতে পঢ়ক :পশ্চিমবংগত এইবাৰ ৰাইজৰ ৰোষত পৰিল NIAৰ বিষয়া - NIA Officials Attacked

ABOUT THE AUTHOR

...view details