ETV Bharat / bharat

পশ্চিমবংগত এইবাৰ ৰাইজৰ ৰোষত পৰিল NIAৰ বিষয়া - NIA officials attacked

author img

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 12:35 PM IST

NIA officials attacked
পশ্চিমবংগত এইবাৰ ৰাইজৰ ৰোষত পৰিল NIAৰ বিষয়া

NIA officials attacked: পশ্চিমবংগত অনুসন্ধান চলাবলৈ যোৱা NIAৰ এটা দলক স্থানীয় ৰাইজে আক্ৰমণ কৰে । বোমা বিস্ফোৰণ গোচৰত সংস্থাটোৱে ২ জন টিএমচি নেতাক গ্ৰেপ্তাৰ কৰিছিল । ইয়াৰ পূৰ্বে পশ্চিমবংগত ইডিৰ বিষয়াসকলকো আক্ৰমণ কৰা হৈছিল ।

নেশ্যনেল ডেস্ক,৬ এপ্ৰিল : সমাগত লোকসভা নিৰ্বাচন । তাৰ প্ৰাকক্ষণত পশ্চিমবংগত ৰাইজৰ ৰোষত পৰিলে এনআইএৰ অনুসন্ধানকাৰী দল । ৰাজ্যখনৰ পূৰ্ব মেদিনীপুৰত এনআইএৰ বিষয়াসকলক ৰাইজে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে । ভুপতিনগৰ বিস্ফোৰণ গোচৰত জড়িত থকাৰ অভিযোগত শুকুৰবাৰে নিশা দুগৰাকী টিএমচি নেতাক গ্ৰেপ্তাৰ কৰাৰ ঠিক পিচতে এই ঘটনা সংঘটিত হৈছে ।

উল্লেখ্য যে এনআইএয়ে ভুপতিনগৰ বিস্ফোৰণত জড়িত থকাৰ অভিযোগত শুকুৰবাৰে দুজন তৃণমূল নেতাক গ্ৰেপ্তাৰ কৰে । নেতা দুজন ক্ৰমে মনোব্ৰত জনা আৰু বালাইলাল মাইটি বুলি জানিব পৰা গৈছে । ভুপতিনগৰ আৰক্ষীয়ে কোৱা মতে এই কাৰ্যত ক্ষুব্ধ হৈ গাঁওবাসীয়ে এনআইএৰ বিষয়াসকলক আক্ৰমণ কৰে । পিচত, স্থানীয় আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

২০২২ চনৰ ৩ ডিচেম্বৰত পূৰ্ব মেদিনীপুৰৰ নাডুভিলা গাঁৱৰ ৰাজকুমাৰ মান্নাৰ দুমহলীয়া ঘৰত এটা বিস্ফোৰণ সংঘটিত হৈছিল । এই ঘটনাত ৩ জন লোকৰ মৃত্যু হৈছিল । ঘটনাটোৰ পিচত, স্থানীয় আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে, কিন্তু পিচত এনআইএয়ে ঘটনাটোৰ তদন্তৰ দায়িত্ব লয় । শেহতীয়াকৈ ৩০ মাৰ্চত তৃণমূল কংগ্ৰেছৰ ৮ জন নেতাক সেই বিস্ফোৰণৰ সন্দৰ্ভত সোধ-পোছৰ বাবে মাতি অনা হৈছিল ।

ইফালে মাত্ৰ ৩ মাহ পূৰ্বে পশ্চিমবংগৰ উত্তৰ ২৪ পৰগণাত প্ৰায় ২০০ স্থানীয় লোকে ইডিৰ বিষয়াসকলক আক্ৰমণ কৰিছিল । ৰেচন বিতৰণ কেলেংকাৰীৰ সন্দৰ্ভত অভিযান চলাই থকা সময়তে ইডিৰ বিষয়াসকলক আক্ৰমণ কৰা হৈছিল । ইডিৰ পিচত এইবাৰ এনআইএৰ বিষয়াসকলক লক্ষ্য কৰি ল'লে পশ্চিমবংগৰ ৰাইজে । ইফালে এই ঘটনাক লৈ সমগ্ৰ ৰাজ্যখনতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :শিক্ষা বিপ্লৱ জীয়াই থাকক, Love You All... : পত্ৰযোগে আহ্বান জনালে মনীষ ছিছোডিয়াই - SISODIA LETTER FROM TIHAR JAIL

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.