ETV Bharat / bharat

শিক্ষা বিপ্লৱ জীয়াই থাকক, Love You All... : পত্ৰযোগে আহ্বান জনালে মনীষ ছিছোডিয়াই - SISODIA LETTER FROM TIHAR JAIL

author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 11:51 AM IST

Manish Sisodia letter from jail: দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়াই তিহাৰ কাৰাগাৰৰ পৰা প্ৰেৰণ কৰিছে এখন পত্ৰ । দলীয় কৰ্ম-কৰ্তালৈ কৃতজ্ঞতা জনায় উন্নত দেশ হ’বলৈ হ’লে ভাল শিক্ষা আৰু বিদ্যালয় থকাটো প্ৰয়োজনীয় বুলি উল্লেখ কৰে ।

See you soon outside...': AAP leader Manish Sisodia writes emotional letter from jail
দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়াৰ পত্ৰ

নেশ্যনেল ডেস্ক, 5 এপ্ৰিল: দিল্লীৰ সুৰা কেলেংকাৰীৰ গোচৰত এবছৰতকৈ অধিক সময় দিল্লীৰ তিহাৰ কাৰাগাৰত বন্দী হৈ আছে ৰাজধানী দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়া ৷ কাৰাৰুদ্ধ অৱস্থাতে ছিছোডিয়াই জেলৰ পৰা এখন চিঠি লিখি শীঘ্ৰে বাহিৰত লগ পাব বুলি উল্লেখ কৰিছে । মনীষ ছিছোডিয়াই লিখিছে, "শিক্ষা বিপ্লৱ জীয়াই থাকক, Love You All... ।"

See you soon outside...': AAP leader Manish Sisodia writes emotional letter from jail
দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়াৰ পত্ৰ

মনীষ ছিছোডিয়াই চিঠিখনত লিখিছে, "যোৱা এবছৰত মই সকলোকে হেৰুৱাইছো । সকলোৱে একেলগে অতি সততাৰে কাম কৰিছিলো । স্বাধীনতাৰ সময়ত সকলোৱে যেনেকৈ যুঁজিছিল, ঠিক তেনেদৰে আমিও ভাল শিক্ষা আৰু বিদ্যালয়ৰ বাবে যুঁজিছো । ব্ৰিটিছে একনায়কত্ববাদ শাসন চলোৱাৰ পিছতো স্বাধীনতাৰ সপোন বাস্তৱায়িত হৈছিল । তেনেদৰে এদিন প্ৰতিটো শিশুৱে উপযুক্ত আৰু ভাল শিক্ষা লাভ কৰিব’’ ।

তেওঁ আৰু লিখে, ‘‘ইংৰাজসকলেও নিজৰ ক্ষমতাক লৈ অতি গৌৰৱ কৰিছিল । ইংৰাজেও মিছা অভিযোগত মানুহক জেলত ভৰাইছিল । ইংৰাজে গান্ধীক কাৰাগাৰত ৰাখিছিল ৷ ইংৰাজে নেলছন মেণ্ডেলাকো জেলত ভৰাইছিল । এই মানুহবোৰ মোৰ প্ৰেৰণা আৰু আপোনালোক সকলোৱে মোৰ শক্তি । এখন উন্নত দেশ হ'বলৈ হ'লে ভাল শিক্ষা আৰু বিদ্যালয় থকাটো অতি জৰুৰী’’ ।

'See you soon outside...': AAP leader Manish Sisodia writes emotional letter from jail
দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়াৰ পত্ৰ

ছিছোডিয়াই লগতে লিখিছে, "অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত দিল্লীত শিক্ষা বিপ্লৱ হোৱাত মই সুখী । এতিয়া পঞ্জাৱৰ শিক্ষা বিপ্লৱৰ খবৰ পঢ়ি মই সকাহ অনুভৱ কৰিছো । তোমালোকৰ প্ৰতি মোৰ মৰম জেলত থকাৰ পিছত আৰু বাঢ়িছে । মোৰ পত্নীৰ তোমালোকে বহুত যত্ন লৈছা, সীমাই তোমালোক সকলোৰে কথা ক'লে আৱেগিক হৈ পৰে । তোমালোকে সকলোৱে নিজৰ যত্ন লোৱা ।"

উল্লেখ্য যে, 2023 চনত ছিছোডিয়াক গ্ৰেপ্তাৰ কৰা হৈছিল । 2022 চনৰ আগষ্ট মাহত চিবিআইয়ে প্ৰথমবাৰৰ বাবে দিল্লীৰ সুৰা কেলেংকাৰীৰ গোচৰৰ ৰুজু কৰিছিল । আন অভিযুক্তৰ লগতে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়াকো এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগ তোলা হয় । ইয়াৰ পিছত এই গোচৰৰ তদন্ত চলোৱা চিবিআইয়ে 2023 চনৰ ফেব্ৰুৱাৰী মাহত মনীষ ছিছোডিয়াক গ্ৰেপ্তাৰ কৰে ।

তেতিয়াৰ পৰাই ছিছোডিয়া দিল্লীৰ তিহাৰ জেলত আৱদ্ধ কৰি ৰখা হৈছে । এই গোচৰত ছিছোডিয়া জামিনৰ বাবে কেইবাৰো আবেদন দাখিল কৰিছে যদিও জামিন লাভ কৰা নাই । 21 মাৰ্চত ইডিয়েও একেটা কেলেংকাৰীতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰি তিহাৰ জেলত ৰাখিছে ।

লগতে পঢ়ক : দিল্লীৰ মুখ্যমন্ত্ৰীক শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবীত আজি ৰাজপথ উত্তাল কৰিব আপে - Arvind Kejriwal Arrested

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.