ETV Bharat / bharat

দিল্লীৰ মুখ্যমন্ত্ৰীক শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবীত আজি ৰাজপথ উত্তাল কৰিব আপে - Arvind Kejriwal Arrested

author img

By ANI

Published : Mar 24, 2024, 8:32 AM IST

AAP calls for citywide protest against arrest of Delhi CM Arvind Kejriwal
দিল্লীৰ মুখ্যমন্ত্ৰীক শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবীত আজি ৰাজপথ উত্তাল কৰিব আপে

Arvind Kejriwal Arrested: অব্যাহত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ ৷ আপে আজি সমগ্ৰ দিল্লীত মমবাতি লৈ পদযাত্ৰা আৰু প্ৰতিমূৰ্তি জ্বলোৱা কাৰ্যসূচীৰ আহ্বান জনাইছে ৷

নেশ্যনেল ডেস্ক, 24 মাৰ্চ : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ প্ৰতিবাদত দেওবাৰে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব আপে ৷ আজি সমগ্ৰ দিল্লীত মমবাতি লৈ পদযাত্ৰা আৰু প্ৰতিমূৰ্তি জ্বলোৱা কাৰ্যসূচীৰ ঘোষণা কৰিছে আম আদমী পাৰ্টীয়ে ।

শনিবাৰে জাৰি কৰা এক বিবৃতিযোগে আপে কয়, "বিজেপিৰ একনায়কত্ববাদ আৰু অৰবিন্দ কেজৰিৱালক ভুৱা গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত কাইলৈ সমগ্ৰ দিল্লীত মমবাতি লৈ পদযাত্ৰা আৰু প্ৰতিমূৰ্তি জ্বলোৱা হ'ব । দিল্লীৰ জনসাধাৰণ ওলাই আহি ৰাজপথত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । আমি সকলোৱে একেলগে অৰবিন্দ কেজৰিৱালৰ ঢাল হিচাপে থিয় দিব লাগিব ।"

আবকাৰী নীতিৰ গোচৰৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক 21 মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল । মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শনিবাৰে দিল্লী উচ্চ ন্যায়ালয়ত তেওঁৰ গ্ৰেপ্তাৰ আৰু 22 মাৰ্চত বিচাৰ আদালতে গৃহীত কৰা জিম্মাৰ নিৰ্দেশক প্ৰত্যাহ্বান জনায় ।

কেজৰিৱালৰ আইনী দলটোৱে কয় যে দিল্লী উচ্চতম ন্যায়ালয়ত দাখিল কৰা কেজৰিৱালৰ আবেদনত উল্লেখ কৰা হৈছে যে গ্ৰেপ্তাৰ আৰু জিম্মাৰ আদেশ দুয়োটা ‘অবৈধ’ আৰু তৎক্ষণাত জিম্মাৰ পৰা মুকলি হোৱাৰ অধিকাৰ কেজৰিৱালৰ আছে ।ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ পৰা তাৎক্ষণিক শুনানি বিচৰা হৈছে ।

পৰৱৰ্তী 28 মাৰ্চ পৰ্যন্ত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক ইডিৰ জিম্মাত ৰখা হৈছে ৷ সুৰা কেলেংকাৰিৰ পৰা অহা ধনৰ প্ৰধান হিতাধিকাৰী আম আদামি পাৰ্টী বুলি অভিযোগ উত্থাপন হৈছে । শুকুৰবাৰে ৰাউজ এভিনিউ আদালতে কেজৰিৱালক সুৰা নীতি কেলেংকাৰীৰ অভিযোগৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত 28 মাৰ্চলৈকে ছয় দিনৰ ইডি জিম্মাত প্ৰেৰণ কৰে।

দিল্লীৰ আবকাৰী নীতিৰ গোচৰৰ সৈতে জড়িত দুৰ্নীতিৰ অভিযোগত কেজৰিৱালক বৃহস্পতিবাৰৰ নিশা কেন্দ্ৰীয় সংস্থাটোৱে গ্ৰেপ্তাৰ কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, স্বাধীন ভাৰতত প্ৰথমবাৰৰ বাবে গ্ৰেপ্তাৰ হৈছে এজন কাৰ্যনিৰ্বাহক মুখ্যমন্ত্ৰী । ইতিমধ্যে, এই গোচৰৰ সৈতে জড়িতৰ অভিযোগত প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়া আৰু ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰা হৈছে ।

লগতে পঢ়ক : বিজেপি কৰ্ম-কৰ্তাক বেয়া নাপাবলৈ অনুৰোধ কাৰাৰুদ্ধ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ - Sunita kejriwal Press Confrence

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.