ETV Bharat / bharat

বিজেপি কৰ্ম-কৰ্তাক বেয়া নাপাবলৈ অনুৰোধ কাৰাৰুদ্ধ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ - Sunita kejriwal Press Confrence

author img

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 1:57 PM IST

Sunita kejriwal Press Confrence: দেশবাসীলৈ বাৰ্তা প্ৰেৰণ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ৷ মুখ্যমন্ত্ৰী পত্নী সুনীতা কেজৰিৱালে পাঠ কৰে এই বাৰ্তা ৷ বিজেপিক বেয়া নাপাবলৈ কৰ্ম-কৰ্তালৈ অনুৰোধ কাৰাৰুদ্ধ মুখ্যমন্ত্ৰীগৰাকীৰ ৷

Sunita kejriwal Press Confrence
মুখ্যমন্ত্ৰী পত্নী সুনীতা কেজৰিৱাল

নেশ্যনেল ডেস্ক, 23 মাৰ্চ : ইডিৰ জিম্মাৰ পৰাই দেশবাসীলৈ বাৰ্তা প্ৰেৰণ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৷ মুখ্যমন্ত্ৰী কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালেও সংবাদ মাধ্যমৰ সন্মুখত পাঠ কৰে এই বাৰ্তা, "জীৱনৰ প্ৰতিটো মুহূৰ্ত দেশৰ প্ৰতি উৎসৰ্গিত । সোনকালে ওলাই যাম ৷ শীঘ্ৰে সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিম ৷ সমাজ সেৱাৰ কাম বন্ধ হ'ব নালাগে ।"

দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত আৰু কয়, "সমাজ কল্যাণ আৰু জনকল্যাণৰ কাম কৰা আম আদমী পাৰ্টীৰ সকলো কৰ্মকৰ্তালৈ মোৰ অনুৰোধ- মই কাৰাগাৰলৈ যোৱাৰ লগে লগে থমকি ৰ'ব নালাগে- এয়া মোৰ আহ্বান । ইয়াৰ বাবে বিজেপি কৰ্ম-কৰ্তাক আপোনালোকে বেয়া নাপাব । তেওঁলোক আমাৰ ভাই-ভনী । মই সোনকালে ঘূৰি আহিম ।"

শুকুৰবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাত দিনৰ বাবে প্ৰৱৰ্তন সঞ্চালকালয়ৰ জিম্মালৈ প্ৰেৰণ কৰা হয় । সুৰা নীতি কেলেংকাৰীৰ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পিচৰে পৰা সমগ্ৰ দেশজুৰি আম আদমী পাৰ্টীৰ নেতৃত্বত গ্ৰহণ কৰি অহা হৈছে প্ৰতিবাদী কাৰ্যসূচীৰ ৷ এই গ্ৰেপ্তাৰক অহৰহ সমালোচনা কৰা পৰিলক্ষিত হৈছে আম আদমী পাৰ্টীয়ে ।

মুখ্যমন্ত্ৰী কেজৰিৱালৰ বাৰ্তা পাঠ কৰি সুনীতা কেজৰিৱালে কয়, "অৰবিন্দ কেজৰিৱাল লোহাৰ দৰে শক্তিশালী । দেশক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি অচিৰেই পূৰণ কৰিব কেজৰিৱালে । ৰাইজৰ প্ৰাৰ্থনা অৰবিন্দ কেজৰিৱালৰ সৈতে আছে’’ ।

Sunita kejriwal Press Confrence
মুখ্যমন্ত্ৰী পত্নী সুনীতা কেজৰিৱাল

সুৰা নীতি কেলেংকাৰীৰ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পিচতে বিজেপিয়ে অৰবিন্দ কেজৰিৱালক দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগৰ দাবী জনাই আহিছে ৷ অৰবিন্দ কেজৰিৱালে জেলৰ পৰাই চৰকাৰ চলাব বুলি আপে স্পষ্ট কৰি দিছে ।

লগতে পঢ়ক: অৰবিন্দ কেজৰিৱালক ৭ দিনৰ ইডিৰ জিম্মালৈ প্ৰেৰণ; কেন্দ্ৰক সমালোচনা বিৰোধীৰ - Kejriwal to 7 days ED custody

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.