নেশ্যনেল ডেস্ক,২০ এপ্ৰিল :প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পিচত এইবাৰ ২৬ এপ্ৰিলৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু হৈছে দেশবাসী । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰো তুংগত উঠিছে । তাৰ অংশ হিচাপে শনিবাৰে মহাৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰে । সভাত প্ৰধানমন্ত্ৰীয়ে বিৰোধী কংগ্ৰেছ আৰু দলটোৰ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰে ।
ৰাহুল গান্ধীক 'শ্বেহজাদা' আখ্যা দি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৯ চনৰ পিচত যিধৰণে কংগ্ৰেছৰ শ্বেহজাদা আমেঠিৰ পৰা পলায়ন কৰিছিল তেনেদৰে তেওঁ এই বছৰৰ লোকসভা নিৰ্বাচনৰ পিচত ৱায়ানাড়ৰ পৰাও পলায়ন কৰিব লাগিব । নান্দেদত জনসভা সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৱায়ানাড়ত কংগ্ৰেছৰ 'শ্বেহজাদা'ৰ সংকট দেখা গৈছে । প্ৰধানমন্ত্ৰীৰ মতে 'শ্বেহজাদা' আৰু তেওঁৰ দলটোৱে ২৬ এপ্ৰিলৰ বাবে অপেক্ষা কৰি আছে যেতিয়া ৱায়ানাড়ত ভোটদান সমাপ্ত হ'ব । ৱায়ানাড়ত ভোটদান সমাপ্ত হোৱাৰ পিচত দলটোৱে পুনৰ তেওঁৰ বাবে এক সুৰক্ষিত আসন ঘোষণা কৰিব কিয়নো তেওঁলোকৰ মিত্ৰজোঁটৰ অংশীদাৰসকলে ইজনে সিজনক গালি-গালাজ কৰি আছে বুলি অভিযোগ কৰে প্ৰধানমন্ত্ৰীয়ে ।
দলীয় কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ বাবে নিশ্চিতভাৱে সুযোগ আহিব আৰু নিৰ্বাচনৰ ফলাফলক লৈ তেওঁলোকে বিশেষ চিন্তিত হোৱা উচিত নহয় । তেওঁ দাবী কৰা মতে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৰাইজে ইণ্ডিয়া ব্লকক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিছে ।