তেজপুৰ, ১৯ মাৰ্চ : ক্ৰমাৎ আকৰ্ষণীয় হ’বলৈ ধৰিছে শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা । এটাৰ পিচত আন এটা নতুন মোৰ লৈছে প্ৰাৰ্থী তালিকাই ৷ দেশৰ নিৰ্বাচন আয়োগে ১৮ সংখ্যক লোকসভাৰ নিৰ্বাচনৰ বাবে দিন ঘোষণা কৰা ৪ দিন সম্পূৰ্ণ হ’ল ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বুধবাৰে অধিসূচনা জাৰি কৰিব ৷ এইবাৰ শোণিতপুৰৰ লোকসভাৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিব হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে ৷
এই খবৰৰ পিচত সমষ্টিটোত এক গৰম বতাহ ব’বলৈ আৰম্ভ কৰিছে ৷ অৱশ্যে বিপিএফ দলৰ পৰা কাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব সেই বিষয়ে জানিব পৰা হোৱা নাই ৷ ইতিমধ্যে সমষ্টিটোত শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছ-আপৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । ইণ্ডি এলায়েন্সৰ অন্তৰ্ভুক্ত হ’লেও আপ আৰু কংগ্ৰেছে শোণিতপুৰত দুয়োটা দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৷ ঐক্যমঞ্চত থাকিলে আপ আৰু অসম প্ৰদেশ কংগ্ৰেছৰ মাজত এক অন্তঃকন্দল মুকলিকৈ চলিছে । ইয়াৰ পিচত এইবাৰ বিপিএফ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ আগবাঢ়িছে ।
উল্লেখ্য বিপিএফ দলে শোণিতপুৰ লোকসভাত যে সংখ্যাগৰিষ্ঠ ভোট লাভ নকৰে সেয়া দলটোও ভালদৰে অৱগত, ইয়াৰ পিচতো প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ যো-জা চলোৱাটো এক গুৰুত্বপূৰ্ণ বিষয় । সমষ্টিটোত নিৰ্বাচনী বতাহ একমাত্ৰ বিশ্বনাথ চাৰিআলি আৰু বিহালী বিধানসভা সমষ্টিত বিজেপি আৰু কংগ্ৰেছ দলে অব্যাহত ৰাখিছে ৷ গাঁও অঞ্চলত নিৰ্বাচনৰ কোনো প্ৰভাৱ দেখা পোৱা নাই । এই সুযোগ গ্ৰহণ কৰি ‘আপ’ এ লোকসভা সমষ্টিটোৰ শোণিতপুৰ জিলাৰ পাঁচটা সমষ্টিত গাঁও অঞ্চলত ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ।