ETV Bharat / politics

ষ্ট্ৰং ৰূমৰ নিৰাপত্তা সন্দৰ্ভত নিশা দেৰিলৈকে সোধ-পোছ গৃহ বিভাগৰ মুখ্য সচিবৰ - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 2:06 PM IST

B Kalyan Chakrabarty : নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়াক সোধ-পোছ গৃহ বিভাগৰ মুখ্য সচিবৰ ৷ প্ৰযোজক-পৰিচালক লুইত কুমাৰ বৰ্মনো সাৰি নগ’ল জেৰাৰ পৰা ৷ নলবাৰীৰ আৱৰ্ত ভৱনত বুধবাৰে নিশা বহু দেৰিলৈকে চলিল জেৰা ৷ সবিশেষ এই প্ৰতিবেদনত ৷

LOK SABHA ELECTION 2024
গৃহ বিভাগৰ মুখ্য সচিবৰ সোধ-পোছ (Source : Etv Bharat Assam)

লুইত কুমাৰ বৰ্মনক জেৰা (Source : Etv Bharat Assam)

নলবাৰী, 23 মে’ : তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিনটোৰ পৰা নলবাৰীৰ ষ্ট্ৰং ৰূমৰ নিৰাপত্তাৰ সন্দৰ্ভত উত্থাপন হৈছে বহুকেইটা বিস্ফোৰক অভিযোগ ৷ ইতিমধ্যে বিষয় সন্দৰ্ভত জিলা আয়ুক্তই চলচিত্ৰ প্ৰযোজক-পৰিচালক লুইত কুমাৰ বৰ্মনৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ তুলি নলবাৰী সদৰ থানাত দাখিল কৰিছিল এখন এজাহাৰ ৷

এই এজাহাৰৰ ভিত্তিত নলবাৰী সদৰ থানাত সোঁ-শৰীৰে উপস্থিত হ’বলগীয়া হৈছিল লুইত কুমাৰ বৰ্মন ৷ এই ঘটনাৰ আঁত ধৰি বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰাৰ্থী দীপ বায়নে ষ্ট্ৰং ৰূমৰ নিৰাপত্তাৰ সন্দৰ্ভত অৱতাৰণা কৰিছিল বহু প্ৰশ্ন ৷ অকল বায়নে নহয়, বহুকেইগৰাকী লোকে এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে ৷

লগতে পঢ়ক: ধন দাবীৰ অভিযোগত প্ৰযোজক লুইত কুমাৰ বৰ্মনৰ বিৰুদ্ধে এজাহাৰ দাখিল - FIR Against Luit Kumar Barman

নলবাৰীৰ ষ্ট্ৰং ৰূম অসুৰক্ষিত বুলি উত্থাপিত হোৱা এই অভিযোগৰ ভিত্তিতে বুধবাৰে বিয়লিভাগত চহৰখনত উপস্থিত হয় গৃহ বিভাগৰ মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী ৷ কংগ্ৰেছৰ অভিযোগৰ প্ৰতি সঁহাৰি জনাই চক্ৰৱৰ্তীয়ে নলবাৰীত উপস্থিত হৈ ষ্ট্ৰং ৰূমৰ সন্দৰ্ভত থকা অভিযোগ-প্ৰতি অভিযোগৰ শুনানি গ্ৰহণ কৰে ৷ সমান্তৰালকৈ নিৰ্বাচনী কাৰ্যত নিয়োজিত বিষয়াসকলক সোধ-পোছ কৰে ৷ গৃহ বিভাগৰ মুখ্য সচিবগৰাকীয়ে প্ৰথমে প্ৰযোজক লুইত কুমাৰ বৰ্মনক সোধ-পোছ কৰাৰ অন্তত নলবাৰী জিলা আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তকো সোধা-পোছা কৰে ৷

ইফালে বৰ্মনে সচিবগৰাকীৰ আগত নলবাৰীত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ বাবে দাবী উত্থাপন কৰিছিল যদিও সচিবগৰাকীয়ে এই কাৰ্যত যথেষ্ঠ পৰিমাণে চৰকাৰী ধনৰ অপব্যয় হোৱাৰ কথা প্ৰকাশ কৰে ৷ অৱশেষত সচিবগৰাকীৰ এই কথাত সহমত প্ৰকাশ কৰি লুইত কুমাৰ বৰ্মনে ঘটনাটোৰ উচিত তদন্তৰ দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক: অসুৰক্ষিত নলবাৰীৰ ষ্ট্ৰং ৰুম ! গৃহ বিভাগৰ মুখ্য সচিবে চলাব তদন্ত - LOK SABHA ELECTION 2024

তেওঁ পূৰ্বৰ দৰে এইবাৰো কয় যে, নিৰ্বাচনী ষ্ট্ৰং ৰূমৰ নিচিনা চাৰিওফালে নিৰাপত্তা বেষ্টনীৰে আবৃত এটা এলেকাত এগৰাকী অচিনাক্ত ব্যক্তিয়ে কেনেদৰে প্ৰৱেশ কৰি জিলা আয়ুক্তক নগদ দহ লাখ টকা দাবী কৰিব পাৰে ৷ এইক্ষেত্ৰত জিলা আয়ুক্তৰ লগতে জনসম্পৰ্কৰক্ষী বিষয়া দুয়োগৰাকীৰে বিপৰীত ভাষ্য বুলি প্ৰযোজক বৰ্মনে সদৰী কৰে ৷

জিলাখনৰ আৱৰ্ত ভৱনত বাহৰ পতা গৃহ বিভাগৰ সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে বুধবাৰে নিশা বহু পলমলৈকে এই সোধা-পোছা জাৰি ৰাখে ৷ অৱশ্যে এইক্ষেত্ৰত বিষয়াসকলে কি কি ধৰণৰ প্ৰশ্নৰ সন্মুখীন হৈছে, সেয়া জানিব পৰা হোৱা নাই ৷ পৰৱৰ্তী সময়ত এই তদন্তই কোনদিশে গতি কৰে, সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: অভিযোগ অনেক; পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰ্পণা শৰ্মাক নিলম্বন - Officer Arpana Sharma Suspended

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.