অসম

assam

14 খন আসনতে জয়যুক্ত হ’ব বিজেপি : অতুল বৰা - Lok Sabha Elections 2024

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 7:14 AM IST

Dibrugarh Lok Sabha constituency: জয়ৰ মন্ত্ৰণা লৈ ডিব্ৰুগড়ত দলীয় কৰ্মীৰ সৈতে আলোচনাত মিলিত হ'ল অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত । ডিব্ৰুগড়ত অৱস্থিত অসম গণ পৰিষদৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত অসম আন্দোলন, অগপ দলৰ ইতিহাস বাখ্য কৰে সভাপতি অতুল বৰাই ৷

Assurance of AGP leader Atul Bora BJP will win all 14 seats in Assam in LS Election 2024
14 খন আসনতে জয়যুক্ত হ’ব বিজেপি: মন্ত্ৰী অতুল বৰা

14 খন আসনতে জয়যুক্ত হ’ব বিজেপি: মন্ত্ৰী অতুল বৰা

মৰাণ, 23 মাৰ্চ : লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে প্ৰচাৰ তুংগত কৰি তুলিছে প্ৰতিটো ৰাজনৈতিক দলে । ৰাজ্যৰ 14 টা লোকসভা সমষ্টিৰ ভিতৰত অতি আকৰ্ষণীয় হৈ উঠিছে ডিব্ৰুগড় লোকসভা সমষ্টি দখলৰ বাবে শাসক-বিৰোধীৰ নিৰ্বাচনী যুঁজখন ।

ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়যুক্ত কৰাৰ উদ্দেশ্যে অসম গণ পৰিষদ দলেও গ্ৰহণ কৰিছে নিৰ্বাচনী ৰণনীতি । ডিব্ৰুগড়ত দলীয় কৰ্মীৰ সৈতে শুকুৰবাৰে আলোচনাত মিলিত হ'ল অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ।

ডিব্ৰুগড় লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ বিজয় নিশ্চিত বুলি দাবী কৰি সমষ্টিটোৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ সৈতে সৰ্বানন্দৰ কোনো ধৰণৰ তুলনাই কৰিব নোৱাৰি বুলি কয় মন্ত্ৰী অতুল বৰাই । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত দ্ৰুত গতিত উন্নয়ন হোৱাৰ বাবে অসমৰ জনসাধাৰণে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক ভোট প্ৰদান কৰিব বুলিও নিশ্চিতি প্ৰদান কৰে মন্ত্ৰী অতুল বৰাই ।

অসমত 14 খন আসনতে বিজেপি জয়যুক্ত হ’ব বুলি দাবী কৰি বিৰোধী দলক অসমৰ ৰাইজে কেতিয়াও ভোট নিদিয়ে বুলি সংবাদ মাধ্যমৰ আগত কয় অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই । লুৰীণজ্যোতিৰ বিৰুদ্ধাচৰণ কৰিবলৈ গৈ বৰাই অসম আন্দোলন, অগপ দল কিয় গঠন হ’ল আদি সন্দৰ্ভতো বাখ্যা আগবঢ়ায় ৷

কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি জাতীয়তাবাদৰ কথা ক’লে শোভা নাপায় বুলি ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক কটাক্ষ কৰে বৰাই ৷ ডিব্ৰুগড়ত অৱস্থিত অসম গণ পৰিষদৰ কাৰ্যালয়ত অসম গণ পৰিষদৰ সভাপতি-কাৰ্যকৰী সভাপতিৰ লগতে জিলা সভাপতি-সম্পাদক, বিষয়ববীয়া, মণ্ডলৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷

সভাপতি-কাৰ্যকৰী সভাপতিয়ে সমাগত নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক জয়যুক্ত কৰিবলৈ সকলোকে আহ্বান জনায় । লক্ষণীয় বিষয় যে, ডিব্ৰুগড় লোকসভা সমষ্টিত বৰ্তমানৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ টিকট কৰ্তন কৰি শাসক দল বিজেপিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদানত ডিব্ৰুগড়ত বিজেপি আৰু অগপ দলৰ কৰ্মীসকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক :মিত্ৰদলৰ উমৈহতীয়া প্ৰাৰ্থীক জয়ী কৰোৱাৰ বাবে ৰণনীতি প্ৰস্তুত অতুল বৰা-কেশৱ মহন্তৰ - lok sabha elections

ABOUT THE AUTHOR

...view details