ETV Bharat / politics

মিত্ৰদলৰ উমৈহতীয়া প্ৰাৰ্থীক জয়ী কৰোৱাৰ বাবে ৰণনীতি প্ৰস্তুত অতুল বৰা-কেশৱ মহন্তৰ - lok sabha elections

author img

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 4:06 PM IST

AGP BJP joint meeting: যোৰহাটত উপস্থিত হৈ মন্ত্ৰী কেশৱ মহন্ত আৰু অতুল বৰাই সাংসদ তপন কুমাৰ গগৈৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ প্ৰত্যাহ্বানস্বৰূপ নহয় বুলি মত প্ৰকাশ কৰে ৷ লোকসভাত বিৰোধী আসন শূন্য হোৱাৰ লগতে ১৪ টাতে মিত্ৰদলৰ প্ৰাৰ্থী জয়ী হ’ব বুলি অতুল বৰাই মন্তব্য কৰে ৷ লগতে ৰাইজ বিকাশ যাত্ৰাৰ লগত আছে বুলি মন্তব্য কৰে কেশৱ মহন্তই ৷

agp bjp joint meeting in jorhat for lok sabha elections 2024
নিৰ্বাচনী ব্যস্ততা

অতুল বৰা-কেশৱ মহন্তৰ ভাষ্য

যোৰহাট, 21 মাৰ্চ : নিৰ্বাচনক লৈ ব্যস্ততা বাঢ়িছে শাসক-বিৰোধী সকলোৰে ৷ মিত্ৰদলৰ উমৈহতীয়া প্ৰাৰ্থীক জয়ী কৰোৱাৰ উদ্দেশ্যে ককালত টঙালি বান্ধিছে অসম গণ পৰিষদে । বৃহস্পতিবাৰে যোৰহাট জিলা অগপৰ কাৰ্যালয়ত অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত উপস্থিত হয় ৷ অতুল বৰা আৰু কেশৱ মহন্তৰ উপস্থিতিত দলীয় কৰ্মকৰ্তা আৰু তৃণমূল পৰ্যায়ৰ লোকসকলৰ মাজত আগন্তুক নিৰ্বাচনক লৈ আলোচনা হয় ৷ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা মিত্ৰদলৰ উমৈহতীয়া প্ৰাৰ্থীক কিদৰে জয়যুক্ত কৰিব পাৰি তাৰ ওপৰত ৰণকৌশল প্ৰস্তুত কৰে তেওঁলোকে ।

আলোচনাৰ অন্তত অগপৰ নেতৃত্বতই কয় যে ৰাইজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিকাশ যাত্ৰাৰ লগত আছে, সেয়েহে বিজেপি আৰু মিত্ৰদলে ১৪ টা লোকসভা সমষ্টিৰ ১৪ টাতে জয়লাভ কৰিব । যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকী নিকা ভাৱমূৰ্তি থকা এগৰাকী ব্যক্তি বুলি উল্লেখ কৰি কেশৱ মহন্তই তেওঁ জয়ী হোৱাটো এক প্ৰকাৰ নিশ্চিত বুলি মত দিয়ে আৰু লগতে উল্লেখ কৰে যে তপন কুমাৰ গগৈয়ে যোৰহাট লোকসভা সমষ্টিৰ চুক-কোণ চিনি পাই আৰু এইবাৰ লোকসভাত বিৰোধীৰ আসন শূন্য হ’ব ।

তাৎপযপূৰ্ণ যে, যোৰহাট লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ গৌৰৱ গগৈয়ে প্ৰাৰ্থিত্ব আগৱঢ়োৱাৰ পিচত বিজেপি শিবিৰত একপ্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ সেয়েহে যোৰহাট লোকসভা সমষ্টিলৈ ঢাপলি মেলি আহিব লগা হৈছে অগপৰ শীৰ্ষ নেতৃত্ব ৷ মন কৰিবলগীয়া যে যোৰহাট লোকসভা সমষ্টিৰ কেইবাটাও বিধানসভা সমষ্টিত অগপৰ প্ৰভাৱ আছে ৷

লগতে পঢ়ক : নিৰ্বাচনী কৌশল প্ৰস্তুতৰ বাবে কলিয়াবৰত অগপ-বিজেপিৰ যৌথ পৰিচালনা সমিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.