অসম

assam

এৱাৰ্ড শ্ব’ত পিতৃ ঋষি কাপুৰক মনত পেলাই আবেগিক হৈ পৰিল ৰণবীৰ কাপুৰ

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 12:59 PM IST

Ranbir Kapoor: এনিমেলৰ বাবে ৬৯ সংখ্যক ফিল্মফেয়াৰত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে অভিনেতা ৰণবীৰ কাপুৰে ৷ ইফালে বঁটা গ্ৰহণ কৰাৰ সময়ত পিতৃক মনত পেলাই আবেগিক হৈ পৰা দেখা গ’ল অভিনেতাগৰাকীক ৷

Ranbir remembers Rishi Kapoor as he wins Filmfare, oh-so-adorable speech includes 'naughty' Raha
কন্যা ৰাহাৰ বিষয়ে এইদৰে ক’লে ৰণবীৰে

চিটাৰা ডেস্ক, ২৯ জানুৱাৰী: মুম্বাইৰ সলনি এইবাৰ গুজৰাটত জিলিকি উঠিল বলীউডৰ তাৰকা । হিন্দী চিনেমাৰ অন্যতম বঁটা ৬৯ সংখ্যক ফিল্মফেয়াৰ বঁটা এইবাৰ গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত হয় । এই বঁটা বিতৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰে বহু ডাঙৰ ডাঙৰ তাৰকাই ।

উল্লেখ্য যে, ৰণবীৰ কাপুৰে তেওঁৰ শেষৰখন ছবি ‘এনিমেল’ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ লাভ কৰে । এই বঁটা লাভ কৰি ৰণবীৰ কাপুৰে আনন্দত আত্মহাৰা হৈ পৰে ৷ অৱশ্যে একে সময়ত আবেগিক হৈ পৰা দেখা ৰণবীৰ কাপুৰক ৷ দৰাচলতে এই বিশেষ মুহূৰ্তত পিতৃ ঋষি কাপুৰক স্মৰণ কৰি আবেগিক হৈ পৰে অভিনেতাগৰাকী । কেৱল এয়াই নহয়, মঞ্চত কন্যা ৰাহাৰ বিষয়েও ক’লে কিছু বিশেষ কথা ।

যেতিয়া শ্ৰেষ্ঠ অভিনেতাৰ বাবে ৰণবীৰ কাপুৰৰ নাম ঘোষণা কৰে তেতিয়া সকলোৱে ৰণবীৰৰ বাবে সুখী হোৱা দেখা যায় ৷ ইয়াৰ পিচত এনিমেল ' ছবিৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা গ্ৰহণ কৰাৰ সময়ত ৰণবীৰ কাপুৰে তেওঁৰ পিতৃ ঋষি কাপুৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে তেওঁক স্মৰণ কৰে ৷

এই সময়ত ৰণবীৰ কাপুৰে কয়, "মই প্ৰতিদিনে আপোনাৰ কথা ভাবো । মই আপোনাক আৰু আপোনাৰ প্ৰতি অনুভৱ কৰা সকলো কথাকে মিছ কৰো । আপোনাৰ সেই মৰম, মই এই মঞ্চৰ জৰিয়তে আপোনাক প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছো আৰু মই আশা কৰিছো আপুনিও তাত শান্তিপূৰ্ণ ভাৱে আছে ।"

অৱশ্যে এয়াই প্ৰথম নহয়, যেতিয়া পিতৃ ঋষি কাপুৰক মনত পেলাই আবেগিক হৈ পৰে ৰণবীৰ কাপুৰ ৷ ৰণবীৰে যেতিয়াই কোনো সফলতা লাভ কৰে তেতিয়াই তেওঁ পিতৃক মনত পেলাই আবেগিক হৈ পৰে ।

উল্লেখ্য যে, এই এৱাৰ্ড শ্ব’ৰ সময়ত ৰণবীৰ কাপুৰে পিতৃ ঋষি কাপুৰক স্মৰণ কৰাৰ উপৰিও কন্যা ৰাহাৰ প্ৰতি থকা মৰম দেখুৱাই । অভিনেতাগৰাকীয়ে কয়, "মোৰ উৎপতীয়া জীয়েক ৰাহা... তোমাৰ জন্মৰ মাত্ৰ এসপ্তাহৰ পিচতেই মই এনিমেলৰ শ্বুটিং আৰম্ভ কৰিছিলোঁ । প্ৰতিদিনে ঘৰলৈ অহাটো মোৰ জীৱনৰ এক অতি সুখদায়ক অভিজ্ঞতা আছিল । তোমাৰ বাবে মা আৰু দেউতাকে পেহী আৰু মাহীয়েকক (ফিল্মফেয়াৰ বঁটা) লৈ আহি আছে । যাৰ সৈতে আজি নিশা খেলিব পাৰিবা ।’’

লগতে ৰণবীৰে কয়,‘‘তোমাৰ লগত জীৱনৰ প্ৰতিটো মুহূৰ্ত অনুভৱ কৰিবলৈ অপেক্ষা কৰিব নোৱাৰি । মোৰ উৎপতীয়া ছোৱালীজনী, মই তোমাক বহুত ভাল পাওঁ ।"

লগতে পঢ়ক:ফিল্মফেয়াৰত আধিপত্য বিস্তাৰ ১২th Failৰ, শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ বঁটা ৰণবীৰ-আলিয়ালৈ

ABOUT THE AUTHOR

...view details