জোনাইত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ : দুজনক আটক

By

Published : Mar 13, 2022, 1:17 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

thumbnail

জোনাই আৰক্ষীয়ে দেওবাৰে মহকুমাটোত অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ (Ganja Seize at Dhemaji) কৰাৰ লগতে দুজন সৰবৰাহকাৰীক আটক কৰে । আৰক্ষীয়ে আটক কৰা লোক দুজন জোনাই বজাৰৰ আব্দুল আলী আৰু পত্নী চানোৱাৰা বেগম বুলি জানিব পৰা হৈছে ৷ জোনাই মহকুমা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেত্ৰকমল শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ (Assam Police anti drug operation) এটা দলে আব্দুল আলীৰ বাসগৃহত অভিযান চলাই গাঞ্জাখিনি জব্দ কৰে ৷ জব্দ কৰা গাঞ্জাৰ পৰিমাণ প্ৰায় 800 গ্ৰাম বুলি জানিব পৰা হৈছে ৷ সম্প্ৰতি জোনাই আৰক্ষীয়ে 24/22 নম্বৰৰ গোচৰ ৰুজু কৰি অভিযুক্ত দুয়োগৰাকীক জেল হাজোতলৈ প্ৰেৰণ কৰে ।

Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.