Zubeen Garg Hospitalized: সঞ্জীৱনী হাস্পতালৰ চৌহদত ভিৰ জুবিন অনুৰাগীৰ

By

Published : Jul 20, 2022, 2:21 PM IST

thumbnail

নৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ অসুস্থতাৰ খবৰ পোৱাৰ পাছতে ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালৰ চৌহদত ভিৰ জুবিন অনুৰাগীৰ (Heartthrob Zubeen Garg, has been admitted to Sanjeevani Hospital in Dibrugarh)। ভগৱানক প্ৰাৰ্থনা জনাই সকলোৰে মুখত এটাই কথা জুবিন গাৰ্গ সোনকালে সুস্থ হৈ উঠক। আগৰ দৰে ৰাইজৰ মাজত গীত পৰিৱেশন কৰি ৰাইজৰ মন জয় কৰক । উল্লেখ্য যে, আজি পুৱাই হঠাৎ অসুস্থ হৈ পৰা জুবিন গাৰ্গৰ চিকিৎসা চলি আছে সঞ্জীৱনী হাস্পতালত (Zubin Garg undergoing treatment at Sanjeevani Hospital)। জ্যেষ্ঠ চিকিৎসকৰ দলে চিকিৎসা কৰি আছে শিল্পীজনৰ । প্ৰয়োজন হ'লে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়া হ'ব জুবিন গাৰ্গক । ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই নিজেই তদাৰক কৰিছে জুবিন গাৰ্গৰ চিকিৎসা ব্যৱস্থা ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.