উত্তৰাখণ্ডত ধাৰাসাৰ বৃষ্টিপাত : সতৰ্কতা ৰেখাৰ ওপৰেৰে গংগা

By

Published : Oct 19, 2021, 12:56 PM IST

Updated : Oct 19, 2021, 1:03 PM IST

thumbnail

উত্তৰাখণ্ডত নেৰানেপেৰা বৰষুণৰ ফলত গংগা নদীৰ জলস্তৰে সতৰ্কতা ৰেখা অতিক্ৰম কৰিছে । কেইবাটাও ঘাট জলমগ্ন হোৱাৰ লগতে পৰমাৰ্থ নিকেতন ঘাটত নিৰ্মিত শিৱৰ মূৰ্তি স্পৰ্শ কৰি প্ৰবাহিত হৈছে গংগাৰ পানী ৷ গংগাৰ জলস্তৰ আৰু মাত্ৰ কেই চেণ্টিমিটাৰমান অতিক্ৰম কৰিলেই বিপদসীমাৰ ওপৰেদি ব’ব পানী ৷ প্ৰশাসনে ইতিমধ্যে ঘাটৰ কাষত বসবাস কৰা লোকসকলক সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰিছে ৷ ইয়াৰ লগতে প্ৰশাসনে গোটেই নিশা বানৰ কবলত পৰিবলগীয়া অঞ্চলসমূহত তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে লগতে সৰ্তকতাৰ নিৰ্দেশো জাৰি কৰিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ পৰা পৰিস্থিতিৰ বুজ লয় আৰু সকলো প্ৰয়োজনীয় সহযোগিতাৰ আশ্বাস প্ৰদান কৰে ৷

Last Updated : Oct 19, 2021, 1:03 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.