বিশ্ব খনিকৰৰ মৃণ্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত মৃৎশিল্পী

By

Published : Sep 15, 2022, 1:27 PM IST

thumbnail

সমাগত বিশ্ব খনিকৰৰ পূজা বিশ্বকৰ্মা পূজা (Vishwakarma Puja 2022) । পূজালৈ মাজত মাথো দুদিন বাকী । বিশ্ব খনিকৰক আৰধনা কৰিবলৈ সাজু হৈছে ৰাজ্যবাসী । সমগ্ৰ ৰাজ্যতে চলিছে বিশ্বকৰ্মা পূজাৰ ব্যাপক প্ৰস্তুতি । মৃণ্ময় মূৰ্তিসমূহত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকলো । ৰাজ্যৰ অন্যন্য প্ৰান্তৰ সমান্তৰালভাৱে মহানগৰীতো বিশ্বকৰ্মাৰ মূৰ্তি তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল (Vishwakarma Puja preparation in Guwahati) । মহানগৰীৰ বিষ্ণুপুৰৰ ৰূপশ্ৰী শিল্পালয় প্ৰায় ২২০ টা মূৰ্তি তৈয়াৰেৰে সাজু হৈছে বিশ্ব কৰ্মা পূজাৰ বাবে । ৰূপশ্ৰী শিল্পালয়ৰ এগৰাকী মৃৎশিল্পীয়ে কয় যে, এইবাৰ প্ৰায় ২২০ টা বিশ্বকৰ্মাৰ মূৰ্তি বনোৱা হৈছে উক্ত প্ৰতিষ্ঠানখনত । ইয়াৰে ডেৰ ফুট উচ্চতাৰ পৰা ৭ ফুট পৰ্যন্ত আছে মূৰ্তিবোৰ । যাৰ মূল্য ১৫০০-১২০০০ টকা পৰ্যন্ত নিৰ্ধাৰণ কৰা হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.