অনিৰ্দিষ্ট কাললৈ বন্ধ সোণাৰিৰ একমাত্ৰ লাচিত উদ্যান

By

Published : Sep 1, 2022, 10:54 PM IST

thumbnail

সোণাৰিৰ এখন উদ্যান, নাম লাচিত উদ্যান । সোণাৰি নগৰৰ মাজমজিয়াত থকা একমাত্ৰ উদ্যানখন অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰিলে সোণাৰি পৌৰ সভাই (Lachit Udyan of Sonari is closed now) । কিন্তু কিয় বন্ধ কৰিলে এই উদ্যানখন ? এই লাচিত উদ্যানখনত হেনো নিতৌ সংঘটিত হয় অনৈতিক কাৰ্য । স্কুল, কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অন্য লোকো আহি অনৈতিক কাৰ্যত লিপ্ত হয় । স্বয়ং সোণাৰি পৌৰ সভাৰ উপ-পৌৰপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে এই কথা । সোণাৰি আৰক্ষীৰ নিদেৰ্শ মৰ্মে সোণাৰি পৌৰসভাই অনিষ্ট কাললৈ গেটত তলা মাৰি ফলক আঁৰি দিয়ে (Uncertain closure Lachit Udyan of Sonari) । এতিয়া প্ৰশ্ন হয়, চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আৰু সোণাৰি আৰক্ষী থানাৰ মধ্যস্থলত থকা লাচিত উদ্যানত কেনেকৈ সংঘটিত হয় অনৈতিক কাৰ্য । সোণাৰিবাসীৰ একমাত্ৰ মনোৰঞ্জন স্থলী লাচিত উদ্যানখন বন্ধ কৰি দিয়াৰ পিছতেই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.