Ganja seized in Nalbari: গাঞ্জাসহ আটক তিনি সৰবৰাহকাৰী

By

Published : Aug 6, 2022, 10:56 PM IST

thumbnail

নলবাৰী জিলাৰ টিহু আৰক্ষীয়ে শনিবাৰে তালাচী চলাই প্ৰায় ১১০ কেজি গাঞ্জাসহ তিনি সৰবৰাহকাৰীক আটক কৰে(Ganja Seize at Nalbari) ৷ আৰক্ষীৰ দলটোৱে টিহুৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নাথকুছিত AS01 Ak 0928 নম্বৰৰ এখন মাৰুতি কাৰত তালাচী চলাই উদ্ধাৰ কৰে গাঞ্জাখিনি(Assam police anti drug campaign) । আটকাধীন গাঞ্জা সৰবৰাহকাৰীকেইটা ক্ৰমে প্ৰণয়ন কুমাৰ ব্ৰহ্ম, জোনেন নাৰ্জাৰী আৰু বিনোদ ব্ৰহ্ম । বজালি জিলাৰ ভৱানীপুৰৰ পৰা ওদালগুৰি অভিমুখে আহি থকা অৱস্থাত টিহু আৰক্ষীয়ে আটক কৰে গাঞ্জাসহ সৰবৰাহকাৰীকেইটাক । আটকাধীন লোক তিনিজনৰ স্বীকাৰোক্তিৰ ভিত্তিত টিহু আৰক্ষীয়ে বজালী জিলাৰ ভৱানীপুৰৰ এখন দোকানত অভিযান চলাই দোকানখনতো গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.