যোৰহাটৰ তিনিজন যুৱকৰ মহানুভৱতা

By

Published : May 24, 2021, 9:47 PM IST

thumbnail

ক'ভিড মহামাৰীয়ে সাধাৰণ জনতাৰ জীৱন জীৱিকাৰ প্ৰতি সংকট কঢ়িয়াই আনিছে ৷ এই সংকটৰ সময়ত বিভিন্নজনে ভিন্নজনৰ কাষত থিয় দি সহায়ৰ হাত আগবঢ়াই আহিছে । মহামাৰীৰ সৈতে যুঁজিবলৈ আৰু ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ আগবাঢ়ি আহিছে যোৰহাটৰ তিনিজন যুৱক ৷ "একাজলী সহায়ৰ হাত" নামৰ এটা গোট গঠন কৰি বিভিন্ন জনলৈ সহায়ৰ হাত আগবঢ়াইছে যুৱককেইজনে। সোমবাৰেও আৰক্ষী,সাংবাদিক,পদপথৰ ব্যৱসায়ী আদিৰ মাজত N-95 মাক্স, অক্সিমিটাৰ আদি বিতৰণেৰে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে। তদুপৰি অনাথ আশ্ৰম আৰু বৃদ্ধাশ্ৰমতো খাদ্য সামগ্ৰী বিতৰণ কৰি আহিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.