বদৰপুৰত ইয়াবা টেবলেটসহ আটক সৰবৰাহকাৰী

By

Published : Oct 12, 2022, 9:06 AM IST

thumbnail

বদৰপুৰ আৰক্ষীৰ বৃহৎ সফলতা । বদৰপুৰৰ মকই ভাংগাত বুজন পৰিমাণৰ ইয়াবা টেবলেটসহ আটক সৰবৰাহকাৰী (Smuggler arrested with yaba tablets in Badarpur) । গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত কৰিগঞ্জৰ উপ আৰক্ষী অধীক্ষক জি পি শৰ্মাৰ নিৰ্দেশনাত ভাংগা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ মিলিয়ে অভিযান চলাই হাতে লুটে আটক কৰে দুই সৰবৰাহকাৰীক। জব্দকৃত টেবলেটখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৫০ লাখ টকা হ’ব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ । আটকাধীন দুই সৰবৰাহকাৰী ক্ৰমে হোসেন আহমেদ আৰু ইসলাম উদ্দিন । দুয়োৰে ঘৰ বদৰপুৰৰ দেওৰাইল আৰু আলাকুলীপুৰ গাঁৱত বুলি জানিব পৰা গৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.