Youth Congress protest in Majuli : জৱ মেলাৰ নামত প্ৰতাৰণাৰ অভিযোগ যুৱ কংগ্ৰেছৰ

By

Published : Dec 25, 2021, 1:37 PM IST

thumbnail

ৰাজ্য চৰকাৰে বৃহস্পতিবাৰৰ দিনটোত প্ৰায় ৮ খনকৈ জিলাত অনুষ্ঠিত কৰিছিল নিয়োগ মেলা (Job mela in Assam) ৷ অসম চৰকাৰে নিয়োগ মেলাৰ জৰিয়তে শিক্ষিত যুৱক-যুৱতীক কৰ্ম সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু এই নিয়োগ মেলা প্ৰতাৰণা আৰু প্ৰহসনত পৰিণত হোৱাহে দেখা যায় ৷ এই নিয়োগ মেলাত শিক্ষিত যুৱক-যুৱতীৰ পৰা বায়’ডাটা আৰু প্ৰয়োজনীয় নথি প্ৰত্ৰ সংগ্ৰহ কৰি ব্যক্তিগত প্ৰতিষ্ঠানবোৰে সেইবোৰ মাটিত পেলাই থোৱা কাৰ্যত ক্ষুব্ধ হৈ পৰে দূৰ-দূৰণিৰ পৰা অহা চাকৰি প্ৰত্যাশী শিক্ষিত যুৱক-যুৱতীসকল ৷ সেয়ে এই শিক্ষিত যুৱক-যুৱতীসকলক প্ৰতাৰণা কৰাৰ অভিযোগত শুকুৰবাৰে মাজুলীত যুৱ কংগ্ৰেছে জিলা সদৰ গড়মূৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Youth Congress protest in Majuli) ৷ ৰাজপথলৈ আহি অসমৰ যুৱক-যুৱতীক নিয়োগ মেলাৰ নামত কৰা প্ৰতাৰণাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে যুৱ কংগ্ৰেছে (Protest against Job mela)। তদুপৰি নিয়োগ মেলাৰ নামত অসমৰ যুৱক-যুৱতীসকলক চৰকাৰে হাৰাশাস্তি কৰাৰ অভিযোগ তুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ক্ষমা খুজিবলৈ আহ্বান জনাই যুৱ কংগ্ৰেছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.