দুৱৰা আলিৰ দুৰৱস্থা: ভুঁই ৰুই ৰাইজৰ প্ৰতিবাদ

By

Published : Jun 19, 2022, 2:06 PM IST

thumbnail

শিৱসাগৰ জিলাৰ নাজিৰাৰ বৰফুকন পঞ্চায়তৰ অন্তৰ্গত দেওঘৰীয়া দুৱৰা আলিৰ জৰাজীৰ্ণ অৱস্থাই জলা-কলা খুৱাইছে সাধাৰণ জনতাক(Public protest against poor Road condition in Sivasagar) ৷ ফলত যাতায়াতৰ ক্ষেত্ৰতো দীৰ্ঘদিনে দুৰ্ভোগ ভূগি আহিছে সাধাৰণ জনতাই । বাৰম্বাৰ ৰাইজে এই সন্দৰ্ভত স্থানীয় বিধায়কক(Nazira MLA) অনুৰুধ জনাই আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ ৷ সেয়ে ক্ষোভিত ৰাইজে নাজিৰাৰ দেওঘৰীয়া দুৱৰা আলিৰ জৰাজীৰ্ণ পথটিত ভুঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইফালে, বাৰিষা অহাৰ লগে লগে পথটোত এতিয়া পথাৰসদৃশ ৰূপ লোৱাত ত্ৰাহি মধূসূদন সুঁৱৰিছে সাধাৰণ জনতাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.