বিলাসীপাৰাত বজ্ৰপাতত নিহত ১জন-আহত কেইবাজনো

By

Published : Oct 8, 2022, 10:33 PM IST

thumbnail

বিলাসীপাৰাত বিয়লি প্ৰচণ্ড বতাহ বৰষুণত কেইবাটাও বজ্ৰপাতৰ ঘটনা(Thunderstorm in Bilashipara) । বজ্ৰপাতত নিহত এজন, আহত কেইবাজন । বজ্ৰপাতত কৰুণ মৃত্যু এগৰাকী ১৬ বছৰীয়া কিশোৰ । পথাৰৰ পৰা গৰু আনিবলৈ গৈ বজ্ৰপাতত মৃত্যু হয় কাজাইকাটা পঞ্চম খণ্ড গাঁৱৰ হামেদ আলী তালুকদাৰ পুত্ৰ সাহা আলম তালুকদাৰৰ(One dead in lightning strike) । বজ্ৰপাতত গুৰুতৰভাৱে আহত হয় বামুণপাৰা চতুৰ্থ খণ্ড গাঁৱৰ অশোক আলীৰ পত্নী সাহিদা বিবি(Woman injured in lightning strike) । সাহিদা বিবিক ততাতৈয়া ভৰ্তি কৰোৱা হৈছে বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত । ইয়াৰ উপৰিও সন্ধিয়া অহা প্ৰচণ্ড বতাহ বৰষুণত পৰা বজ্ৰপাতত আহত হৈছে মহকুমাটোৰ কেইবাজনো লোক ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.