ধুবুৰীৰ নাও দুৰ্ঘটনাত চক্ৰ বিষয়াৰ মৃত্যুক লৈ মন্ত্ৰী যোগেন মহনৰ প্ৰতিক্ৰিয়া

By

Published : Oct 3, 2022, 1:39 PM IST

thumbnail

শেহতীয়াকৈ ধুবুৰীত সংঘটিত নাও দুৰ্ঘটনাত চক্ৰ বিষয়া সঞ্জু দাসৰ মৃত্যুক লৈ মন্ত্ৰী যোগেন মহনৰ প্ৰতিক্ৰিয়া (Minister Jogen Mohan reacts on Circle officer death) ৷ দুৰ্ঘটনাত মৃত্যু হোৱা ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ পৰিয়াললৈ সমবেদনা জ্ঞাপনৰ লগতে শোক প্ৰকাশ কৰে ৰাজহ মন্ত্ৰীগৰাকীয়ে (Dhubri boat accident) ৷ লগতে মন্ত্ৰীগৰাকীয়ে কয়, "এনেকুৱা ঘটনাত বাৰুকৈ মৰ্মাহত হৈছো ৷ এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে জিলা দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ আহ্বান জনাইছো ।" উল্লেখ্য যে, আজি সঞ্জু দাসৰ সৎকাৰ কৰা হ’ব ৷ সৎকাৰত ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে ৰাজহ বিভাগৰ যুটীয়া সচিব আনন্দ কুমাৰ দাস উপস্থিত থাকিব । চৰকাৰৰ নিয়ম অনুসৰি সঞ্জু দাসৰ পৰিয়ালে সকলো আৰ্থিক সাহাৰ্য্য আৰু অন্য সা-সুবিধা লাভ কৰিব বুলি মন্তব্য কৰে ৰাজহ আৰু দুৰ্যোগ প্ৰশমনৰ মন্ত্ৰী যোগেন মহনে (Circle officer Sanju Das body found)।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.