বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত ধুবুৰীত অগ্নিকাণ্ড

By

Published : May 29, 2022, 1:31 PM IST

thumbnail

ধুবুৰীত শনিবাৰে নিশা সংঘটিত হয় এক অগ্নিকাণ্ড(Massive fire at Dhubri) ৰ ঘটনা ৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এ এম কো ৰোডৰ বগুলামাৰী অঞ্চলৰ এটা ট্ৰেন্সফৰ্মাৰৰ পৰা জুইৰ সূত্ৰপাত ঘটি অগ্নিকাণ্ডটো সংঘটিত হয় ৷ এই ঘটনাত ৰাইজৰ মাজত স্বাভাৱিকতে আতংকৰ সৃষ্টি হয় ৷ পৰৱৰ্তী সময়ত ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত বাহিনীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ৷ অনাকাংক্ষিত এটি দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে সমগ্ৰ অঞ্চলটো ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.