মহাষ্টমী উপলক্ষে মৰিগাঁৱত উখল মাখল পৰিৱেশ

By

Published : Oct 3, 2022, 2:30 PM IST

thumbnail

আজি মহাষ্টমী (Maha Ashtami 2022)। পুৱাৰে পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে অষ্টমীৰ পূজা । পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আৰু পূজা-অৰ্চনাৰে ৰাজ্যজুৰি চলিছে দেৱী দুৰ্গাৰ আৰাধনা (Durga Puja in Assam) ৷ শংখ, ঘণ্টা, মাংগলিক ধ্বনিৰে মুখৰিত হৈছে ৰাজ্যৰ চৌপাশ ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মৰিগাঁৱতো দেখা গ’ল এক উখল-মাখল পৰিৱেশ ৷ মৰিগাঁওস্থিত আৱৰ্ত ভৱনৰ সমীপত আয়োজন পূজাস্থলীত ব্যাপক ভিৰ পৰিলক্ষিত হৈছে ভক্তৰ ৷ মৰিগাঁও সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা উৎসৱ উদযাপন সমিতিয়ে আয়োজন কৰে এই পূজাভাগ ৷ ইফালে মৰিগাঁও সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা উৎসৱ উদযাপন সমিতিৰ সোণালী জয়ন্তী উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰাও পৰিলক্ষিত হয় পূজা সমিতিয়ে৷ সোণালী জয়ন্তী উপলক্ষে নিশালৈ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.