বতৰৰ বাধাকো নেওচি মহাষ্টমীৰ পূজা মণ্ডপত ভক্তপ্ৰাণ ৰাইজৰ সমাগম

By

Published : Oct 4, 2022, 8:32 AM IST

thumbnail

প্ৰতিকূল বতৰৰ বাধাকো নেওচি সোমবাৰে দুৰ্গা পূজাৰ মহাষ্টমী উপলক্ষে ৰাজ্যৰ পূজা মণ্ডপ সমূহত পুৱাৰে পৰা দেখা যায় ভক্তপ্ৰাণ ৰাইজৰ সমাগম (Durga Puja in Assam) ৷ ভক্তপ্ৰাণ ৰাইজে মাৰ চৰণত নৈবদ্য আগবঢ়োৱাৰ লগতে চাকি-বন্তি, ধূপ-ধূনা জ্বলাই মাৰ আৰ্শীষ লয় । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লেখিয়াকৈ ৰঙাপৰাৰ ঐতিহাসিক সনাতন ধৰ্ম মণ্ডলী নামঘৰতো দেখিবলৈ পোৱা যায় ভক্তপ্ৰাণ ৰাইজৰ ভিৰ (Maha Ashtami 2022)। পুৰোহিতে বৈদিক মন্ত্ৰোচ্চাৰণৰে ৰাইজক পূজাৰ অঞ্জলী প্ৰদান কৰে । অৱশ্যে সোমবাৰে পুৱাৰে পৰা হৈ থকা বৰষুণৰ ফলত পূজাৰ আনন্দ উল্লাসত কিছু ম্লান পৰা পৰিলক্ষিত হয় । উল্লেখ্য যে, ৮৪ বছৰ গৰকা সনাতন ধৰ্ম মণ্ডলী নামঘৰত জাক জমকতাৰ বিপৰীতে এক আধ্যাত্মিক পৰিৱেশৰ মাজত পূজা কৰি আহিছে শক্তিৰ দেৱী দুৰ্গাক ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.