৭ দিনীয়া কাৰ্যসূচীৰে বৰপেটাৰ কেওটকুছিত লক্ষ্মী পূজা আৰম্ভ

By

Published : Oct 10, 2022, 7:27 AM IST

thumbnail

সমগ্ৰ ৰাজ্যতে দেওবাৰে হিন্দু ধৰ্মীয় পৰম্পৰা অনুসৰি উদযাপন কৰা হয় ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰী মহালক্ষ্মীৰ পূজা (Lakshmi Puja celebrated in Assam) ৷ দেওবাৰৰ পৰা বৰপেটাৰ কেওটকুছিত ৭ দিনীয়া কাৰ্যসূচীৰে মহা সমাৰোহেৰে আৰম্ভ হৈছে মহালক্ষ্মী পূজা মহোৎসৱ ৷ এইবেলি ৮৬ বছৰত পদাৰ্পণ কৰিছে কেওটকুছিৰ মহালক্ষ্মী পূজা মহোৎসৱে (Lakshmi Puja celebrated in Barpeta) ৷ দেওবাৰে সন্ধিয়া ভক্তসকলে খোল-তাল বজাই দেৱীৰ প্ৰতিমা আদৰি আনি পূজাৰ বেদীত দেৱী প্ৰতিমা স্থাপন কৰে ৷ ইয়াৰ পিছতে যথাবিহীত ধৰ্মীয় পৰম্পৰাৰে পূজা-অৰ্চনা আৰম্ভ হয় ৷ মহালক্ষ্মী পূজা উপলক্ষে কেওটকুছিৰ পূজাথলী লোকে লোকাৰণ্য হৈ পৰে ৷ কেওটকুছিৰ মহালক্ষ্মী পূজা মহোৎসৱ উপলক্ষে থিয়নাম, আতচবাজী আদি প্ৰদৰ্শন কৰা হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.