মাজুলীত শিশু অপহৰণ কৰিবলৈ আহি ৰাইজৰ ৰোষত অপহৰণকাৰী

By

Published : Aug 17, 2022, 2:32 PM IST

thumbnail

মাজুলীত মঙলবাৰে নিশা শিশু অপহৰণ কৰিবলৈ আহি ৰাইজৰ লপাথপা খালে অপহৰণকাৰীয়ে(Local people Caught Kidnapper in Majuli) । ৰাইজে অপৰহণকাৰীক উত্তম-মধ্যম সোধাই চমজাই দিয়ে আৰক্ষীক । মাজুলীৰ জেংৰাইমুখ থানাৰ অন্তৰ্গত উজনি চেৰাপাইত সংঘটিত হৈছে এই ঘটনা(Child Kidnapped in Majuli) । নিশা শোৱাপাটিৰ পৰা ৪ বছৰীয়া কন্যা শিশুটিক কোলাত লৈ অপহৰণকাৰীটো দৰ্জামুখ পাওতেই প্ৰত্যক্ষ কৰে মাতৃয়ে । মাতৃয়ে চিঞৰ বাখৰ কৰাত গাঁৱৰ ৰাইজে আহি ধৰে শিশু অপহৰনকাৰীটোক । অচিনাক্ত লোকজনে নিজকে বাবু আলি বুলি চিনাকী দিয়ে যদিও তেওঁৰ লগত নাই কোনো নথি পত্ৰ । আনহাতে তাৰ লগত অহা আন তিনিটা শিশু অপহণকাৰী গাড়ীসহ পলাই যাবলৈ সক্ষম হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.