MAHA political crisis: মহাৰাষ্ট্ৰৰ হোটেল ৰাজনীতি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

By

Published : Jun 25, 2022, 4:56 PM IST

thumbnail

আদা বেপাৰীয়ে জাহাজৰ খবৰ লৈ কি লাভ আছে । এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Assam CM reaction on hotel politics)। গুৱাহাটীত মহাৰাষ্ট্ৰৰ হোটেল ৰাজনীতিক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM reaction regarding Maharashtra hotel politics)। শনিবাৰে গুৱাহাটীত এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ মূল বিষয়টোৰ পৰা ফালৰি কাটি কয় যে, মহাৰাষ্ট্ৰৰ বিষয়ে তেওঁ খবৰ ৰখা নাই । অসম চৰকাৰে মহাৰাষ্ট্ৰৰ বিধায়কৰ নামত টকা খৰচ কৰা নাই । কাৰোবাৰ সন্দেহ থাকিলে RTI কৰিব পাৰে । বিজেপি নেতা-বিধায়ক হোটেললৈ যাব পাৰে চাহ খাবলৈ, তাত কোনো বাধা নাই । সকলোৱে সকলোতে চাহ ভাত খাব পাৰে । ভাৰতত সকলোৰে লগত সকলোৱে কথা পাতিব পাৰে । তেওঁ আৰু কয় যে, সকলোৱে সকলোৰে লগত আলোচনা কৰিব পাৰে, তাত কি আছে । তেওঁ লগতে কয় যে, ৰেডিছনলৈ যোৱা বহু মন্ত্ৰী-বিধায়কে মহাৰাষ্ট্ৰ দেখাই নাই, তাৰ ৰাজনীতিৰ কথা কি ক'ব । অসমৰ টকা কোনো হোটেলৰ নামত খৰছ হোৱা নাই বুলি সদৰি কৰি তেওঁ কয়, মহাৰাষ্ট্ৰৰ ইমান বেয়া অৱস্থা হোৱা নাই যে আমাৰ টকাৰ দৰকাৰ হ'ব । তেওঁ কয় যে হোটেলৰ পৰা মানুহ পঠাই দিলে হোটেলবোৰ কেনেকে চলিব ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.