ধেমাজিত আদৰ্শ অংগনবাড়ী কেন্দ্ৰ মুকলি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

By

Published : Aug 25, 2022, 12:39 PM IST

thumbnail

ধেমাজিত বুধবাৰে একেদিনাই ১১ টাকৈ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ মুকলি কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে (Ranoj Pegu Anganwadi center inaugurated) ৷ মৰিধলত আয়োজিত এক অনুষ্ঠানত মৰিধলঘাট অংগনবাড়ী কেন্দ্ৰটিৰ অত্যাধুনিক নতুন ভৱনটি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে মন্ত্ৰীগৰাকীয়ে । আনহাতে সমষ্টিটোত নিৰ্মাণ কৰি উলিওৱা আন ১০ টা আদৰ্শ কেন্দ্ৰ ভাৰ্চুৱেল মাধ্যমেৰে উদ্ধোধন কৰে সাংসদ প্ৰদান বৰুৱাই (MP Pradan Baruah) ৷ ইয়াৰ পিছতে ভাষণত মন্ত্ৰীগৰাকীয়ে কয়, এই কেন্দ্ৰসমূহৰ সৈতে ৰাষ্ট্ৰীয় শিক্ষানীতিৰো সম্পৰ্ক আছে । নতুন শিক্ষানীতিত শিশুসকলক তিনি বছৰ বয়সৰ পৰাই আনুষ্ঠানিক শিক্ষাদানৰ বাবে দিয়া পৰামৰ্শৰ পৰিপ্ৰেক্ষিতত ৩ ৰ পৰা ৬ বছৰ বয়সৰ শিশুসকলক শিক্ষাদানৰ বাবে অংগনবাড়ী কেন্দ্ৰসমূহ শক্তিশালী কৰি তোলাৰ প্ৰয়োজন হৈছে । এই কেন্দ্ৰসমূহত মাতৃভাষাৰ মাধ্যমতে শিক্ষাদান হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে, মাতৃভাষা মানে মাকৰ মুখৰ ভাষা ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.