মাজুলীত প্ৰায় সম্পূৰ্ণ হৈছে আয়ুৰ্বেদিক চিকিৎসালয়ৰ কাম

By

Published : Feb 13, 2022, 1:20 PM IST

Updated : Feb 3, 2023, 8:11 PM IST

thumbnail

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ উন্নতিৰ বাবে হাতত হৈছে বিভিন্ন প্ৰকল্প । তাৰ ভিতৰত অন্যতম হৈছে আয়ুৰ্বেদিক চিকিৎসালয় । ইতিমধ্যে মাজুলীৰ ফুলনি অঞ্চলৰ দেৱোত্তৰত নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সপোনৰ চিকিৎসালয়খনিৰ (Ayurvedic hospital is almost complete in Majuli) । পঞ্জাৱ ইঞ্জিনীয়াৰিং কোম্পানীয়ে অতি কম সময়ৰ ভিতৰতে আটক ধুনীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছে চিকিৎসালয়খন (Punjab Engineering Company Constructed the Ayurvedic hospital) । স্থানীয় বাসিন্দাই উল্লেখ কৰা মতে, এই চিকিৎসালয়খন সম্পূৰ্ণ হ’লে কেৱল উজনি মাজুলীয়ে নহয়, সমগ্ৰ মাজুলীবাসী যথেষ্ট উপকৃত হ’ব । লগতে স্থানীয় ৰাইজৰ আশা, হয়তো মাজুলীৰ উপ নিৰ্বাচনৰ পাচতেই মাজুলীবাসীয়ে সেৱা লাভ কৰিব চিকিৎসালয়খনৰ পৰা ।

Last Updated : Feb 3, 2023, 8:11 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.