Human-Elephant Conflict: ধুবুৰী-বঙাইগাঁৱৰ সীমান্তৱৰ্তী চৰাঞ্চলত বন্যহস্তীৰ মুক্ত বিচৰণ

By

Published : Dec 3, 2021, 9:20 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে হস্তী-মানুহৰ সংঘাত (Human-elephant conflict in Assam) । বনাঞ্চল ধ্বংস কৰাৰ ফলত বাসস্থান আৰু খাদ্যৰ অভাৱত বন্যহস্তীবোৰ প্ৰায়ে জনাঞ্চললৈ অহা দেখা যায় । সেই সময়তে হাতী আৰু মানুহৰ সংঘাত সৃষ্টি হয় । অসমত এই হস্তী মানুহৰ সংঘাত দীৰ্ঘদিনীয়া । প্ৰতিদিনে বিভিন্ন স্থানত এই সংঘাতৰ ফলত বহু অবাঞ্চিত ঘটনা সংঘটিত হয় । এইবাৰ ধুবুৰী আৰু বঙাইগাঁৱত দেখা গৈছে বন্যহস্তীৰ মুক্ত বিচৰণ । জিলা দুখনৰ সীমান্তৱৰ্তী চৰ অঞ্চলত এটা হাতীয়ে মুক্ত বিচৰণ কৰাৰ ফলত আতংকিত হৈ পৰিছে ৰাইজ (Wild elephant free roaming in Bongaigaon)। বিশেষকৈ ঘুনিমাৰী, মাজেৰ আলগা চৰত হাতীটোৰ বাবে আতংকৰ সৃষ্টি হৈছে । হাতীটোৰ উপদ্ৰৱৰ ভয়ত ঘৰ এৰি বহু লোকে ইতিমধ্যে পলায়ন কৰিছে । আনহাতে বনৰীয়া হাতীটোৱে নষ্ট কৰিছে পথাৰৰ বিভিন্ন শস্য । জানিব পৰা মতে বনৰীয়া হাতীটোৰ আক্ৰমণত মৃত্যু হৈছে বহু কেইটা পোহনীয়া জন্তুৰ (Wild elephant terror in Bongaigaon)। কিন্তু এতিয়ালৈ এই ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে । হাতীটোক পুনৰ বনাঞ্চললৈ খেদি পঠিওৱাত ব্যৰ্থ হৈছে বন বিভাগ । যাৰ বাবে বন বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.