শুকুৰবাৰে মনোনয়ন দাখিল কৰিব সুশান্ত বৰগোঁহায়ে : সংগ দিব মুখ্যমন্ত্ৰীয়ে

By

Published : Oct 8, 2021, 11:24 AM IST

thumbnail

বিপুলসংখ্যক সংখ্যক ভোটত জয়ী হোৱাৰ আশাৰে শুকুৰবাৰে মনোনয়ন দাখিল কৰিব থাওৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহায়ে । বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁয়ে শিৱসাগৰত মনোনয়ন পত্ৰ দিবলৈ যোৱাৰ প্ৰাক মূহুৰ্তত নিজ গৃহত সাংবাদিকক জানিবলৈ দিয়ে যে, প্ৰায় সাত হাজাৰ সমৰ্থকক লগত লৈ তেওঁ মনোনয়ন দাখিল কৰিব ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰৰ উন্নয়নমূলক কামক লৈ থাওৰাৰ ৰাইজে তেওঁক ভোট প্ৰদান কৰিব বুলি বৰগোঁহাইয়ে আশা প্ৰকাশ কৰে ৷ শুকুৰবাৰে সুশান্ত বৰগোঁহাইৰ মনোনয়ন দাখিলৰ সময়ত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সংগ দিব বুলি জানিব পৰা গৈছে ৷ শিৱ দলত সেৱা আগবঢ়াই উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন প্ৰদান কৰিব বিজেপি প্ৰাৰ্থীজনে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.