শিৱসাগৰৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ সামগ্ৰিক ফলাফল

By

Published : Jul 31, 2021, 9:23 PM IST

thumbnail

শনিবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সন্তোষজনক ফলাফল দেখা গৈছে শিৱসাগৰ জিলাত । উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে বিকল্প মূল্যায়ন পদ্ধতিৰে ঘোষণা কৰা চূড়ান্ত বৰ্ষৰ ফলাফল অনুসৰি শিৱসাগৰ জিলাত কলা শাখাত উৰ্ত্তীণৰ হাৰ ৯৯.৪৩ শতাংশ । কলা শাখাৰ পৰীক্ষাত জিলাখনৰ ৫৪৪২ গৰাকী ছাত্ৰ-ছাত্ৰী অৱৰ্তীণ হৈছিল । ইয়াৰ ভিতৰত ৫৪১২ গৰাকী উৰ্ত্তীণ হয় । ইয়াৰে ২২৬৬ গৰাকীয়ে প্ৰথম বিভাগত, ২২৪৮ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ৮৯৮ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয় । শিৱসাগৰ জিলাত বিজ্ঞান শাখাত উৰ্ত্তীণ হাৰ ৯৯.৮৪ শতাংশ । জিলাখনত মুঠ ১১৭৫ গৰাকী ছাত্ৰ-ছাত্ৰী বিজ্ঞান শাখাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল । ইয়াৰ ভিতৰত ১১৭৩ গৰাকী উৰ্ত্তীণ হয় । ১১১৫ গৰাকীয়ে প্ৰথম বিভাগ, ৫৩ গৰাকীয়ে দ্বিতীয় আৰু ৫ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয় । ইফালে, বাণিজ্য শাখাত জিলাখনত উৰ্ত্তীণ হাৰ ৯৯.৬৯ শতাংশ । মুঠ পৰীক্ষাৰ্থী আছিল ৩২২ গৰাকী । উৰ্ত্তীণ হোৱা ৩২১ গৰাকীৰ ভিতৰত প্ৰথম বিভাগত উত্তীৰ্ণ হয় ২১৯ গৰাকী । দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় ৫৫ গৰাকী আৰু তৃতীয় বিভাগত ১৭ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হয় । পূৰ্বৰ দৰে পৰীক্ষা অনুষ্ঠিত হোৱা নাই যদিও বিকল্প মূল্যায়ন পদ্ধতিৰে ঘোষণা কৰা ফলাফল আশা কৰা ধৰণে হৈছে বুলি বিদ্যালয়সমূহৰ পৰিদৰ্শক কমল গগৈয়ে জানিবলৈ দিছে । উল্লেখ্য যে, ক'ভিড-১৯ মহামাৰীৰ বাবে চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিল কৰি বিকল্প মূল্যায়ন পদ্ধতিৰে ফলাফল ঘোষণা কৰা হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.