১ নং পিপলপুখুৰীত এটিএমৰ চুৰি সামগ্ৰী উদ্ধাৰ

By

Published : Jul 20, 2021, 7:54 PM IST

thumbnail

হোজাই জিলাৰ লংকাৰ ১ নং পিপলপুখুৰীৰ দলঙৰ তলত উদ্ধাৰ চুৰি হোৱা এটিএম(ATM)ৰ সামগ্ৰী । প্ৰথম অৱস্থাত এজন স্থানীয় লোকে এই সামগ্ৰীখিনি প্ৰত্যক্ষ কৰে আৰু উদালী আৰক্ষীক খবৰ দিয়ে । পাছত উদালী আৰক্ষী উক্ত স্থানত উপস্থিত হৈ সামগ্ৰীখিনি উদ্ধাৰ কৰে । আৰক্ষীয়ে এটিএমৰ ভিতৰত থকা বাকচ সদৃশ সামগ্ৰী উদ্ধাৰ কৰে । উদ্ধাৰ হোৱা সামগ্ৰীসমূহ কোনটো এটিএমৰ সেই কথা এতিয়াও জানিব পৰা হোৱা নাই । লগতে কোনে এই সামগ্ৰীখিনি এনেদৰে পেলাই থৈ গৈছে, সেই বিষয়ে কোনো তথ্য উদ্ধাৰ হোৱা নাই । সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.