শ্বেৰমান আলীক বহিস্কাৰৰ দাবী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

By

Published : Nov 2, 2020, 8:10 PM IST

thumbnail

পুনৰ বিস্ফোৰণ ঘটাইছে মৰিয়নীৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ কুৰ্মীৰ মতে, পৰৱৰ্তী নিৰ্বাচনত মুখথেকেচা খাব বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসে ৷ তদুপৰি বিতৰ্কিত বিধায়ক শ্বেৰমান আলী আহমেদক দলৰ পৰা বহিস্কাৰৰ দাবী তোলে বিধায়ক কুৰ্মীয়ে ৷ শ্বেৰমান আলীক বহিস্কাৰ কৰিলে আন দহগৰাকী বিধায়ক কংগ্ৰেছত যোগদান কৰিব বুলি দাবী কৰে ৰূপজ্যোতি কুৰ্মীয়ে৷ আনহাতে, যোৰহাটৰ এক দলীয় সভাত অংশগ্ৰহণৰ উদ্দেশ্যে অহা বিধায়কগৰাকীয়ে বন বিভাগৰ কাৰ্যালয় পৰিদৰ্শন কৰি জিলাখনৰ বিভিন্ন অঞ্চলত অব্যাহত থকা বালি মহলৰ বিষয়ে উত্থাপন কৰি বন বিষয়াৰ পৰা উত্তৰ বিচাৰে ৷

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.