ফৰেনছিক ৰিপ’ৰ্টত পোৱা গৈছে আকাশ চৌধুৰীৰ ফিংগাৰ প্ৰিণ্ট : মহানগৰ আৰক্ষী আয়ুক্ত

By

Published : Oct 27, 2021, 3:34 PM IST

Updated : Oct 27, 2021, 4:42 PM IST

thumbnail

শোৱাপাটীতে কোনো অচিনাক্ত দুৰ্বৃত্তই সপত্নীক হত্যা কৰিছিল মহানগৰীৰ বেলতলাৰ চাৰ্ভে নিবাসী 80 ৰ ঊৰ্ধৰ ননীগোপাল বৰুৱাক ৷ কৰ্মসূত্ৰে দুই কন্যা সন্তান ক্ৰমে বেংগালুৰু আৰু লণ্ডনৰ বাসিন্দা হোৱাৰ হেতু বৰুৱা দম্পতীয়ে দীৰ্ঘদিনে চাৰ্ভেস্থিত ঘৰত অকলশৰীয়াকৈ জীৱন নিৰ্বাহ কৰি আহিছিল ৷ আৰক্ষীৰ প্ৰাথমিক তদন্তৰ অন্তত সকলো কথা চালি-জাৰি চাই মহানগৰ আৰক্ষী আয়ুক্তই উক্ত হত্যাকাণ্ডত কেয়াৰ টেকাৰ আকাশ চৌধুৰী জড়িত থকাৰ ইংগিত প্ৰদান কৰে ৷ উল্লেখ্য যে, ফৰেনছিক লেবৰেটৰীত বৰুৱা দম্পতীৰ বাসগৃহৰ সকলো দুৱাৰ আৰু অন্যান্য সামগ্ৰীত থকা আকাশ চৌধুৰীৰ আঙুলিৰ চাপ স্পষ্ট ৰূপত ধৰা পৰে ৷

Last Updated : Oct 27, 2021, 4:42 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.