এইবাৰ গৰুখুটিৰ উচ্ছেদৰ সমৰ্থনত জোঁৰ সমদল

By

Published : Sep 27, 2021, 9:29 PM IST

thumbnail

গৰুখুটিৰ উচ্ছেদৰ সমৰ্থনত নলবাৰীত জোঁৰ সমদল সচেতন নাগৰিকৰ মঞ্চৰ ৷ অৱশ্যে, পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জোঁৰ সমদলৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে প্ৰশাসনে ৷ ইয়াৰ পিছত জ্বলোৱা জোঁৰ নুমুৱাই সমদল কৰে সচেতন নাগৰিক মঞ্চই ৷ অসমৰ কেইবাটাও স্থানত বে’- দখল মুক্ত কৰাৰ দাবী সংগঠনটোৰ ৷ অবৈধ অনুপ্ৰৱেশকাৰী হুছিয়াৰ,PFI হুচিয়াৰ, অবৈধ বাংলাদেশী হুচিয়াৰ, খিলঞ্জীয়াৰ ভূমি বেদখল মুক্ত কৰক আদি বিভিন্ন শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে তেওঁলোকে । আনহাতে, সংগঠনটোৱে গৰুখুটিৰ উচ্ছেদক সমৰ্থন জনাই উচ্ছেদিত বেদখলকাৰীক চৰকাৰে ছয় বিঘাকৈ ভূমি দিব খোজা সিদ্ধান্তৰ বিৰোধিতা কৰে সংগঠনটোৱে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.