কাৰ্বি শান্তি চুক্তিৰ দফাকলৈ আপত্তি এনপিপিৰ

By

Published : Nov 8, 2021, 10:41 PM IST

thumbnail

ডিফুস্থিত কার্বি আংলং জিলা প্রেছ ক্লাৱত সোমবাৰে বিয়লি এক সংবাদমেলৰ আয়োজনন কৰি নেশ্যনেল পিপলছ পার্টী চমুকৈ এন পি পিৰ তৰফৰ পৰা কেইবাটাও গুৰুত্বপূর্ণ দাবী উত্থাপন কৰা হয় । দলটোৰ 'হিলছ অটোনমাছ ইউনিট'ৰ আহ্বায়ক ৱেলকাম টেৰণে সংবাদমেল সম্বোেধন কৰি কার্বি শান্তি চুক্তিত সন্নিবিষ্ট থকা ২.৩ অনুচ্ছেদৰ দলটোৱে বিৰোধিতা কৰা বুলি মন্তব্য কৰে । লগতে, জিলাখনৰ খিলঞ্জীয়া যুৱক সকল চৰকাৰী সংস্থাপনৰ পৰা বঞ্চিত হৈ অহাৰ অভিযােগ কৰি স্থানীয় নিবনুৱাক এশ শতাংশ খালী পদৰ বিপৰীতে নিযুক্তি প্রদানৰ দাবী জনায় । ইয়াৰ উপৰিও ১৬০০ কার্বি ভাষা শিক্ষকৰ পদত নিযুক্তি প্রদান তথা খিলঞ্জীয়া জনজাতিসকলৰ ভূমি পট্টা নিশ্চিত কৰাৰ বাবে দলটোৱে সংবাদমেল যােগে দাবী জনায়।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.