Moran Excise Department Raid: খোৱাঙত নিষিদ্ধ লালী গুড় জব্দ

By

Published : Nov 16, 2021, 11:29 AM IST

Updated : Nov 16, 2021, 12:57 PM IST

thumbnail

ৰাজ্য চৰকাৰে চুলাই মদ(Liquor) প্ৰস্তুত কৰা লালী গুড়(Molasses) নিষিদ্ধ ঘোষণা কৰিছে যদিও ডিব্ৰুগড় জিলাৰ মৰাণ আৰু খোৱাঙত এতিয়াও চলি আছে নিষিদ্ধ লালী গুড়ৰ ৰমৰমীয়া বেহা । সোমবাৰে মৰাণৰ খোৱাং ঘাটৰ পৰা বিভিন্ন দোকানত দিবলৈ নি থকা অৱস্থাত 37 নং ঘাইপথত টাই আহোম যুৱ পৰিষদ(Tai Ahom Yuva Parishad)ৰ সহযোগত মৰাণৰ আবকাৰী বিভাগে(Moran Exise Department) বাহনসহ জব্দ কৰে 50 কাৰ্টন নিষিদ্ধ লালী গুড় । AS-06-BC-9417 নম্বৰৰ টাটা এচি গাড়ী আৰু লালী গুড়সহ ব্যৱসায়ী দীন শইকীয়াকো আটক কৰিবলৈ সক্ষম হয় আবকাৰী বিভাগে ৷ ইফালে খোৱাঙৰ পৰা নিষিদ্ধ লালী গুড়ৰ ৰমৰমীয়া ব্যৱসায়ৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসন আৰু আবকাৰী বিভাগক আহ্বান জনাইছে টাইপা(TAYPA)ই ৷

Last Updated : Nov 16, 2021, 12:57 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.